বোকাখাত, উত্তম কুমাৰ শৰ্মা: কাজিৰঙাত গঁড় গণনাৰ নামত ৰাজকীয় ভোগ বিলাসেৰে মাত্ৰ তিনিটা দিনতে ৰাজকোষৰ ১৬ লাখ টকাৰ শৰাধ পাতি দেশবাসীৰ ওচৰত লজ্জানত কৰা বিভাগীয় আমোলা, এন.জি.অ’ক ন্যায়িক তদন্তৰ আওতালৈ অনাৰ দাবী তূলিছে জীপাল কৃষক শ্ৰমিক সংঘই।
উল্লেখযোগ্য যে ২০১৮ চনৰ পিছত চলিত বর্ষত অনুষ্ঠিত হৈছিল ১৪ সংখ্যক গঁড় পিয়ল৷ বিগত ২৬ মার্চৰ পৰা ২৮ মার্চলৈ চলিছিল এই পিয়লকাৰ্য৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই পিয়লৰ বাবে হোৱা সমুদায় ব্যয়ৰ সৱিশেষ পোহৰলৈ অহাত এতিয়া সকলোৰে চকু কপালত উঠিছে৷ আৰ টি আই কর্মী ৰোহিত চৌধুৰীয়ে ৰাজহুৱা কৰা উক্ত তথ্যত প্ৰকাশ পাইছে পিয়লৰ নামত ২৫ মার্চৰ পৰা ২৯ মার্চলৈ হোৱা ব্যয়ৰ তথ্য৷ এই তথ্য অনুসৰি উল্লেখিত ৫ টা দিনত গঁড় পিয়ল প্ৰক্ৰিয়াত সর্বমুঠ ব্যয় হ’ল ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা৷ লক্ষনীয়ভাবে ইয়াৰ ভিতৰত ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা ব্যয় হ’ল কেৱল খাদ্যৰ নামত৷
আৰ টি আই কর্মী ৰোহিত চৌধুৰীয়ে ৰাজহুৱা কৰা তথ্যত এয়া বোকাখাতৰ ইর্ষ্টান আচাম ৱাইল্ডলাইফ ডিভিজনৰ বন বিষয়াৰ স্বাক্ষৰ সম্বলিত ব্যয় তালিকা৷ এই তালিকাত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৪ সংখ্যক গঁড় পিয়লত ব্যয়ৰ তথ্য৷ এই তথ্য অনুসৰি, গঁড় পিয়লৰ বাবে জীপ ভাৰাত ব্যয় হৈছিল সর্বমুঠ ৫ লাখ ৫৬ হাজাৰ টকা৷ ২৬, ২৭ আৰু ২৮ মার্চত জীপ ভাৰাৰ নামত ব্যয় হৈছিল এই বিশাল পৰিমানৰ ধন৷
অন্যহাতে খাদ্য যোগানৰ নামত গঁড় পিয়লত ব্যয় হৈছিল সর্বমুঠ ১৬ লাখ ৭৯ হাজাৰ ২৬০ টকা৷ বন বিভাগৰ এই তথ্য অনুসৰি, ২৫ মার্চৰ পৰা ২৯ মার্চলৈ খাদ্য যোগানৰ নামত দুটা ভাগত ব্যয় কৰা হৈছিল ১ লাখ ৯৭ হাজাৰ ১০০ টকা আৰু ৭১ হাজাৰ ৬৬০ টকা৷ খাদ্যৰ নামত ২৫ মার্চত ব্যয় হৈছিল ২ লাখ ৪৬ হাজাৰ টকা আৰু ২৬ মার্চত ব্যয় হৈছিল ৫ লাখ ৪৬ হাজাৰ ৫০০ টকা৷ পেকেট খাদ্যৰ বিনিময়ত ২৮ মার্চত ২ লাখ ১৮ হাজাৰ টকা আৰু ২৯ মার্চত ব্যয় হল এক লাখ ১২ হাজাৰ ৫০০ টকা৷ একেদৰে ২৭ মার্চৰ এটা ডিনাৰ পার্টিত ব্যয় কৰা হল ২ লাখ ৮৭ হাজাৰ ৫০০ টকা৷
অন্যহাতে ২৫ মার্চৰ পৰা ২৯ মার্চলৈ আশ্ৰয়ৰ নামত ব্যয় কৰা হৈছে সর্বমুঠ ৩ লাখ ৬৫ হাজাৰ ৩১০ টকা৷ তদুপৰি প্ৰিন্টিঙৰ নামত ব্যয় হল ৩৭ হাজাৰ ৩৮০ টকা, ষ্টেচনাৰী আৰু অন্যান্য ব্যবস্থাপনাত ২ লাখ ৪৮ হাজাৰ ৮৫০ টকা আৰু গঁড় পিয়লৰ গণনাকাৰী সকলৰ পাৰিশ্ৰমিকৰ নামত ব্যয় কৰা হল ২ লাখ টকা৷ অর্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ তিনিদিনিয়া গঁড় পিয়লৰ নামত ব্যয় কৰা হল সর্বমুঠ ৩০ লাখ ৮৬ হাজাৰ ৮০০ টকা৷ আৰটিআই কর্মী ৰোহিত চৌধুৰীয়ে উদ্ঘাটন কৰা তথ্য মতে পিয়লত হোৱা ৩০ লাখ টকা ব্যয়ৰ বিল ঠিকেই প্ৰস্তুত হ’ল, কিন্তু প্ৰস্তুত নহল গঁড় পিয়লৰ প্ৰতিবেদন৷ আৰু ইয়াতেই সন্দেহ প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই।
গঁড় পিয়লৰ পাছতো প্ৰতিবেদন প্ৰস্তুত কৰিব নোৱাৰা বিভাগীয় কাণ্ডত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সন্দেহৰ আঙুলি জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ।
সংশ্লিষ্ট বিভাগৰ লগতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ জীপালৰ উপদেষ্টা সোণেশ্বৰ নৰহৰ প্ৰশ্ন-তিনিদিনত কোনে খালে ১৬ লাখ টকাৰ খাদ্য? কাজিৰঙাত চলা তিনিদিনীয়া গঁড় পিয়লত ১৬ লাখ টকাৰে কি কি খাইছিল বিষয়া কর্মচাৰীয়ে? এদিনৰ ডিনাৰ পার্টিত কেনেকৈ খৰচ হৈছিল ২ লাখ ৮৭ হাজাৰ টকা? তিনিদিনীয়া কার্যসূচীৰ বাবেই কাজিৰঙাত কিয় ব্যয় কৰা হ’ল ৰাজকোষৰ ৩০ লাখ ৮৬ হাজাৰ টকাৰ বৃহৎ পৰিমাণ?
এয়া ৰাজহুৱা ধনৰ অবাধ অপচয় অথবা হৰলুকী আৰু ইয়াক কেতিয়াও ক্ষমা কৰিব নোৱাৰি বুলি মন্তব্য কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় পিয়লৰ নামত চলা ধনৰ অবাধ ব্যয়ৰ বিস্ফোৰক তথ্যক আওকাণ কৰি দায় সৰাৰ চেষ্টা নকৰিবলৈ সকীয়াই দিয়ে জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে।
সম্প্ৰতি সাংবাদিক আৰু ৰাজহুৱা কৰ্মীৰ পৰা পলায়ণ কৰি ফুৰা কাজিৰঙাৰ বনবিষয়া সকলৰ লগতে নীতি নিৰ্ধাৰণ কৰা আমোলা মন্ত্ৰীক অচিৰেই কৰায়ত্ত কৰি ৰাজ্য চৰকাৰক স্বচ্ছতা প্ৰদৰ্শন কৰিবলৈও দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই।