শিলচৰ: কাছাৰৰ বৰখোলা আৰক্ষী থানাৰ অন্তৰ্গত মইনাগড়ত সোমবাৰে নিশা নিজৰ ১৭ বছৰীয়া প্ৰেমিকাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত মঙলবাৰে ২৭ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়।
ধৃত সঞ্জয় তেলী নামৰ যুৱকজনক বুধবাৰে আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি,মঙলবাৰে ছোৱালীজনীৰ পৰিয়ালে সঞ্জয়ৰ বিৰুদ্ধে বৰখোলা থানাত এজাহাৰ দাখিল কৰে। অভিযোগ অনুসৰি সঞ্জয়ে ছোৱালীজনীক সোমবাৰে নিশা গাঁৱৰ এটা বিশেষ স্থানলৈ মাতি পঠিয়াইছিল।
“উক্ত স্থানত গৈ পোৱাৰ পিছত সি তাইক ধৰ্ষণ কৰি চোকা অস্ত্ৰৰে ডিঙি কাটি পিছত বস্তাত ভৰাই শিলচৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা মইনাগড় চাহ বাগিচা এলেকাত পেলাই দিছিল। গুৰুতৰভাৱে আহত ছোৱালীজনীয়ে চেতনা ঘূৰাই পোৱাৰ পিছত কিবা কৰি এক আৱাসিক এলেকালৈ ওলাই অহাত স্থানীয় লোকে তাইক বৰখোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায়,’ যুৱতী গৰাকীৰ পৰিয়ালৰ দাখিল কৰা এজাহাৰত কোৱা হয়।
পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে ১৭৮ / ২২ নম্বৰৰ এক গোচৰ ৰুজু কৰে।
ইয়াৰ পিছতে বৰখোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া এম ৰাউতৰ নেতৃত্বত আৰক্ষীৰ এটা দলে মঙলবাৰে মইনাগড়ত অভিযান চলাই যুৱকজনক ঘৰৰ পৰা আটক কৰে। আৰক্ষীৰ জেৰাৰ সময়ত সঞ্জয়ে নিজৰ অপৰাধ স্বীকাৰ কৰাত তেওঁক বুধবাৰে আদালতত হাজিৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।
দেওবাৰে গাঁৱৰ আন এজন যুৱকৰ সৈতে যুৱতী গৰাকীয়ে চিনেমা চাবলৈ যোৱাৰ কথা গম পোৱাৰ পিছতে প্ৰেমিক সঞ্জয় তেলীয়ে খঙত উক্ত অপৰাধ সংঘটিত কৰা বুলি মইনাগড়ৰ একাংশ স্থানীয় লোকে জনোৱা মতে সন্দেহ প্ৰকাশ কৰিছে।
এক সূত্ৰই জনোৱা মতে, গুৰুতৰভাৱে আহত যুৱতী গৰাকীক বৰখোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
শেহতীয়া খবৰ অনুসৰি ভুক্তভোগী যুৱতী গৰাকীৰ স্বাস্থ্যৰ অৱস্থা এতিয়াও সংকটজনক অৱস্থাত আছে।
লগতে পঢ়ক – কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ পূৰ্বে যানবাহন চলাচলত নিষেধাজ্ঞা