বোকাখাত, উত্তম কুমাৰ শৰ্মা: নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ হাতত ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কীৰ্তি কমল বৰা গুলীবিদ্ধ হোৱা ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জীপাল কৃষক শ্ৰমিক সংঘই ।
জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে বোকাখাতত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে ঘটনা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যক তীব্ৰ সমালোচনা কৰি কয় – “হতাশাগ্ৰস্ততাৰ বলি হৈ ফেচিষ্ট শাসনৰ পোষকতা কৰা মুখ্য মন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আৰু মিত্ৰশক্তি অতুল বৰাৰ নেতৃত্বাধীন চৰকাৰখনক আসৈ দিয়াৰ অপৰাধত লিপ্ত সমুজ্জল কুমাৰ ভট্টাচাৰ্য”।
লগতে কৃষক নেতাজনে অভিযোগ কৰি কয় “ৰজাঘৰীয়াৰ দৰে নিজে নিৰাপদে থাকি আন ছাত্ৰ নেতা সকলক এফালৰ পৰা ৰাষ্ট্ৰৰ একাউণ্টাৰ,দিনদূপৰতে ৰাজআলিত পুলিচৰ সমূখতে গণপ্ৰহাৰেৰে হত্যা, মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত RSS ৰ মানস সন্তান এ.ভি.ভি.পি আৰু অগপৰ ন ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ হাতত লপা থপা খাব লগা পৰস্থিতি অৱনতিৰ ক্ষেত্ৰত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ সম্পূৰ্ণ দোষ আছে”।
আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি কৃষক নেতাজনে আৰু কয়, “কীৰ্তিকমল বৰাৰ একাউণ্টাৰৰ দৰে দূৰ্ভাগ্যজনক পৰিস্থিতিৰ সুযোগ দিছিল “কা” বিৰোধী আন্দোলনত কৌশলগত অৱস্থান লোৱা দিনৰে পৰা। কা বিৰোধী সংগ্ৰামক প্ৰতাৰণা কৰি এফালে গোপনে ৰজাঘৰীয়া চাহমেলত মিতিৰালিৰে অংশগ্ৰহণ কৰি অসমবাসীৰ সিন্ধী খান্দিছিল সমূজ্জল ভট্টাচাৰ্যই। শনিবাৰে সংঘটিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনা এক বিক্ষিপ্ত ঘটনা নহয়। সৌ সিদিনা ছাত্ৰ নেতা অনিমেষ ভূঞাৰ ন্যায্যতাৰ বাবেও কোনো ধাৰাবাহিক আৰু আপোচহীন কৰ্মসূচীৰ সংগ্ৰাম সৃষ্টি কৰিব নোৱাৰাৰ অন্যতম বলি হ’ল নগাঁৱৰ ছাত্ৰ নেতা কীৰ্তিকমল বৰা”।
“এনকাউন্টাৰৰ দৰে বৰ্বৰ অমানুষিক পন্থাক কোনো গণতান্ত্ৰিক, সাংবিধানিক আৰু মানবীয় প্ৰমোল্যবোধত বিশ্বাসী , সুস্থ সংস্কৃতিবান কোনো ব্যক্তিয়েই মানি ল’ব নোৱাৰে। এনে হঠকাৰী কাৰ্যপন্থা লোৱা চৰকাৰখনক আগছোৱাতেই য’ত প্ৰতিবাদ কৰি বাধা দিব লাগিছিল , ত’ত কিন্তু ইয়াৰ বিপৰীতে বহুবোৰ ঘটনাত মৌন হৈহে ৰ’ল আছুৰ কেন্দ্ৰীয় নেতৃত্ব। ইফালে অনিমেষ ভূঞা হত্যাকাণ্ডৰ খলনায়কজনক চৰকাৰে কৰা এনকাউন্টাৰক নায্যতা দি একাউণ্টাৰক বৈধতা দিয়াৰ দৰে আসুৰিক উল্লাসো কৰা দেখা গ’ল সমূজ্জল-শংকৰজ্যোতি-দীপাংক নাথ আদিয়ে।
চৰকাৰৰ দ্বাৰা পৰিকল্পিত আসুৰিক আনন্দত ৰাইজক আশ্বস্ত হ’বলৈ উদগনি যোগোৱাৰ অপৰাধত আজি খুদ নিজৰ বৰঘৰেই বলি হ’ল। এতিয়া জনতাক জবাব দিবলৈ সমূজ্জল ভট্টাচাৰ্যৰ ভাষা আৰু অধিকাৰ আছে নে? চৰকাৰৰ অভিসন্ধিক আমি কোনোদিনে প্ৰশ্ৰয় দিয়া নাই। জনতাৰ আহ্বান ক্ৰমে কা বিৰোধী সংগ্ৰাম একেলগেও কৰাৰ অভিজ্ঞতা আমাৰ আছে। আমি মনে প্ৰাণে প্ৰতিবাদী অসমৰ আবেগৰ লগত জড়িত আছুৰ দৰে জাতীয় সংগঠণটো শক্তিহীন হোৱাতো কামনা নকৰিছিলো বাবেই গঠন মূলক সমালোচনা কৰিবলৈ বাধ্য হৈছো।
পৰৱৰ্তী সময়ত চৰকাৰৰ শ্ৰুতলিপি মতে ৰুটিনমাফিক আন্দোলনৰ নেওঁতা আওঁৰোৱা, কা বিৰোধী ৫ জন শ্বহীদক স্বীকৃত নিদিয়াৰ অপৰাধৰ বলি হ’ল আজিৰ ছাত্ৰনেতা কীৰ্তিকমল বৰা”।
উল্লেখযোগ্য যে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাক কঠোৰ সমালোচনা কৰে কৃষক নেতা গৰাকীয়ে – “মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাৰ শাসন ব্যৱস্থা অৱনতিয়েই নহয় ভীষণ হতাশাৰ বলি হৈছে ; যাৰ পৰিণতিত নগাঁৱৰ SP আনন্দ মিশ্ৰৰ এনকাউণ্টাৰ মডেলেটিৰে ফেচিষ্ট পন্থাৰে ৰাজ্য শাসন কৰাৰ দৰে নিকৃষ্ট পন্থা অৱলম্বন কৰিছে। আজিৰ পৰিস্থিতিত বৰ বৰ জাতীয় নেতাক কাবু কৰি ৰখাৰ গুণ গৰিমাৰে সমৃদ্ধ তথাকথিত দক্ষ মুখ্যমন্ত্ৰী জন বাহুবলিহৈ উঠিছে। বৌদ্ধিক ভাৱে, সাংস্কৃতিক ভাবে, সুস্থ সামাজিক আৰু ৰাজনৈতিক ভাৱে ৰাজ্য পৰিচালনা কৰিব নোৱাৰা হতাশ গ্ৰস্ত ,প্ৰকৃততে অৰ্থনৈতিক সংকটৰ বলি হোৱা চদ্মবেশী নেতা মন্ত্ৰীয়ে ভীতি প্ৰদৰ্শন কৰি, সামৰিক, পুলিচ, একাউণ্টাৰ আদিয়েই হৈছে কূটনৈতিক পন্থা। ইয়াৰেই নিচাত আসক্ত হৈ ড’ হিমন্ত বিশ্বশৰ্মাই ৰাজ্য শাসনৰ আৰ্হি প্ৰস্তুত কৰিছে।
সভ্য চৰকাৰৰ চানেকি হ’ব নোৱাৰে এইয়া। আনন্দ মিশ্ৰ ৰাজনৈতিক সচেতন মহলৰ বাবে ফেক্টৰ নহয়। এই সমগ্ৰ হত্যাকাণ্ড আমি বুজো গৃহ দপ্তৰৰ মূৰব্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই সংঘটিত কৰিছে। জনগণৰ দৃঢ় প্ৰতিৰোধ সংগ্ৰাম হ’লে আনন্দ মিশ্ৰক বেকফুটলৈ নি চৰকাৰে আকৌ ঘৰিয়ালৰ চকুপানী টূকি জনতাৰ আস্থা ঘূৰাই পোৱাৰ নাটক কৰিব ।এই কথা আমি জাতীয় সংগঠণ সমূহে বুজা উচিত”।
আজিলৈকে হৈ যোৱা সকলো ভূৱা একাউণ্টাৰৰ উচ্চস্তৰীয় ন্যায়িক তদন্ত, কীৰ্তিকমল বৰাৰ উন্নত চিকিৎসাৰ দায়িত্ব চৰকাৰে সম্পূৰ্ণ বহণ কৰা, অনিমেষ ভূঞাৰ পৰিয়াললৈ অনতিবিলম্বে ক্ষতিপূৰণ আদায় দি চৰকাৰৰ সদ্দিচ্চা প্ৰকাশ কৰা আৰু অসমৰ পৰা সম্পূৰ্ণ ৰূপে একাউণ্টাৰ নীতি বাতিল কৰা লগতে আফস্ফা (AFSPA) অসমৰ পৰা বাতিল কৰিবলৈ দাবী জনাইছে জীপাল কৃষক শ্ৰমিক সংঘই।
লগতে পঢ়ক – মূলাগাভৰুৰ মৈদাম সংৰক্ষণৰ দাবী বিভিন্ন আহোম জনগোষ্ঠীয় সংগঠনৰ