নিউজ ডেস্ক: কবি নীলমণি ফুকন আৰু নাই। প্ৰতিজন অসমীয়াৰ বুকু শুদা কৰি ‘গোলাপী জামুৰ লগ্নৰ’ স্ৰষ্টা গৰাকী আজি আমাৰ মাজৰ পৰা আঁতৰি গ’ল। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশেষ আই চি ইউত আজি দিনৰ ১১.৫৫ বজাত নীলমণি ফুকনে শেষ নিশ্বাস ত্যাগ কৰে। ইয়াৰ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কবিগৰাকীক বুধবাৰে বিয়লি মালিগাঁৱৰ সঞ্জীৱনী হাস্পিটালত ভৰ্তি কৰোৱা হৈছিল।
জ্ঞানপীঠ বঁটা বিজয়ী কবিৰ ইচ্ছা অনুসৰি আনৰ অসুবিধা নোহোৱাকৈ ভূতনাথ শ্মশানত আজি বিয়লি ৩.৫০ বজাত সাধাৰণভাৱে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব। মৃত্যুৰ পূৰ্বে ফুকনে তেওঁৰ শৱদেহ কাৰোবাৰ বাবে ৰাখি নথবলৈও আত্মীয়ক অনুৰোধ কৰি গৈছিল।
উল্লেখযোগ্য যে ১৯৩৩ চনৰ ১০ ছেপ্তেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁওত জন্মগ্ৰহণ কৰা নীলমণি ফুকনে ১৯৬১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৬৪ চনত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰিছিল।
১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰা ফুকন দেৱৰ প্ৰথম কবিতা সংকলন হিচাপে ১৯৬৩ চনত ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ প্ৰকাশিত কৰে। ইয়াৰ উপৰিও তেওঁ কবিতাৰ জগতখনত বহুবোৰ অৱদান আগবঢ়াই থৈ গৈছে তাৰে ভিতৰত ‘নিৰ্জনতাৰ শব্দ’, ‘আৰু কি নৈ শব্দ’, ‘ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে’, ‘গোলাপী জামুৰ লগ্ন’, ‘কবিতা’, ‘অলপ আগতে আমি কি কথা পাতিছিলো’ ।
নীলমণি ফুকনৰ ‘কবিতা’ শীৰ্ষক স্বনিৰ্বাচিত কাব্যগ্ৰন্থৰ বাবে ১৯৮১ চনত সাহিত্য অকাডেমী, ১৯৯০ চনত পদ্মশ্ৰী, ১৯৯১ চনত সন্মানীয় ছগনলাল জৈন বঁটা, ১৯৯৭ চনত উপত্যকা সাহিত্য বঁটা। সাহিত্য অকাডেমীৰ শ্ৰেষ্ঠ সাহিত্যিক সন্মান, সাহিত্য অকাডেমীৰ ফেল’, ২০১৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালৰ সন্মানীয় ডি লীট উপাধিৰেও বিভূষিত আছিল কাব্যঋষি। জীৱনৰ পৰিসমাপ্তিৰ আগে আগে জন্মভূমিক দি থৈ গ’ল জ্ঞানপীঠ। সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল নীলমণি ফুকনক। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু মামনি ৰয়চম গোস্বামীৰ পিছত জ্ঞানপীঠ বঁটা লাভ কৰা তৃতীয় গৰাকী অসমীয়া সাহিত্যিক আছিল তেওঁ।
নীলমণি ফুকন কেৱল এজন কবিয়ে আছিল তেনে নহয় তেওঁ একেধাৰে কলা-সমালোচক আৰু সাহিত্যিকো আছিল। অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱেৰে অসমীয়া সাহিত্যক মহীয়ান কৰি থৈ গ’ল গোলাপী জামুৰ কবিয়ে।
লগতে পঢ়ক – পৃঠক কমতাপুৰ সন্দৰ্ভত দিল্লীত শীৰ্ষ বিষয়াৰে মুখ্যমন্ত্ৰীৰ বৈঠক