নিউজ ডেস্কঃ অসম চৰকাৰৰ অন্তৰ্গত বিভাগসমূহত ওলাইছে চাকৰি। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰায় ২৬ হাজাৰ পদত চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছত কৃষি বিভাগতো চাকৰিৰ বাবে আৱেদন বিচৰা হৈছিল।

নিবনুৱা সমস্য়া হ্ৰাস কৰাৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজি অসম বিধানসভাৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নিযুক্তি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ, নিকা আৰু ক্ষিপ্ৰতাৰে বাছনি প্ৰক্ৰিয়া অনুষ্ঠিত কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশনা প্ৰদান কৰে। এই বৈঠকত উপস্থিত থাকে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গ সকল।

আনহাতে, ৰাজ্যত শীঘ্ৰেই ৩৮৩০ টা পদত নিযুক্তি দিয়া হ’ব। এই ঘোষণা বিধানসভাত কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply