নিউজ ডেস্ক : অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত চাকৰি। এক বিজ্ঞাপন যোগে জনস্বাস্থ্য বিভাগে ১১১ টা কনিষ্ঠ অভিযন্তা পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।
জনস্বাস্থ্য কাৰিকৰী বিভাগত নিযুক্তি
পদ | কনিষ্ঠ অভিযন্তা (চিভিল ইঞ্জিনিয়াৰিং) |
পদৰ সংখ্যা | ১১১ |
দৰমহা | ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা গ্ৰে’ড পে’ ৮,৭০০ টকা |
অন্তিম তাৰিখ | N/A |
আৱেদনৰ প্ৰক্ৰিয়া | অনলাইন |
বয়স | ০১/০১/২০২১-ত ১৮ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব |
উক্ত পদসমূহৰ ৭৪ টা অসংৰক্ষিত, ২০ টা অ’বিচি/এমঅ’বিচি, ৬ টা এছচি, ১১ টা ইডব্লিউএছ আৰু ৫ টা পিডব্লিউডিৰ বাবে সংৰক্ষিত।
প্ৰাৰ্থীসকলৰ AICTU-ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত তিনি বছৰৰ ডিপ্লমা থাকিব লাগিব। ইয়াৰ উপৰি তেওঁলোকৰ লগত অসমৰ স্থায়ী বাসিন্দা হিচাপে PRC থাকিব লাগিব।
প্ৰাৰ্থীসকলক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (২০%) আৰু ডিম্পলমাৰ (৮০%) নম্বৰৰ ভিত্তিত বাছনি কৰা হ’ব। আৱেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যদিও www.phe.assam.gov.in আৰু www.jjmassam.in ৱেবছাইটত সোনকালেই আৱেদনৰ দিন ঘোষণা কৰা হ’ব।
বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : মেৰী কমৰ চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰাই অভিনয় কৰাটো ‘হৃদয়বিদাৰক’ : কিয় এনেদৰে ক’লে লিন লেইশ্ৰামে?