নিউজ ডেস্ক : অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ বিজ্ঞান পৰিষদ (এছটেক)ৰ অধীনত ১০ টা পদত নিযুক্তি উলাইছে। এক বিজ্ঞাপন যোগে এছটেকে দহখন জিলাত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বাবে জিলা সমন্বয়কৰ পদৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

উক্ত পদসমূহ ঠিকাভিত্তিক হ’ব। আৱেদনৰ অন্তিম তাৰিখ ২৪ জুলাই ২০২১।

পদৰ নাম : জিলা সমন্বয়ক

পদৰ সংখ্যা : ১০ টা

দৰমহা : মাহিলি ২৫০০ টকা

বয়স : ১৮ৰ পৰা ৫৮ বছৰৰ ভিতৰত হ’ব লাগিব।

জিলা কেইখন হৈছে – বঙাইগাঁও, বজালী, বিশ্বনাথ, চৰাইদেউ, চিৰাং, ধেমাজী, হোজাই, মাজুলী, দক্ষিণ শালমৰা মানকাচাৰ আৰু পশ্চিম কাৰ্বি আংলং।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা বিজ্ঞানৰ স্নাতক হ’ব লাগিব।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকসলে অহা ২৪ জুলাইৰ ভিতৰত Assam Science Technology and Environment Council (ASTEC), Bigyan Bhawan, G.S.Road, Guwahati-5 ঠিকনাত পোৱাকৈ যাৱতীয় ডকুমেণ্টছ প্ৰেৰণ কৰিব লাগিব।

আৰু একেখিনি ডকুমেণ্টছ ২৪ জুলাইৰ ভিতৰত ascghy@rediffmail.com ইমেইল কৰিব লাগিব।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিৰ বাবে চাৰিবিধ ঘৰুৱা ইমিউন-বুষ্টাৰছ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply