কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইত আজি কৃষক আৰু জব কাৰ্ড শ্ৰমিক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

খুমটাইৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলৰ শতাধিক কৃষকে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কেইবাটাও কিস্তিৰ ধন লাভ নকৰাত ক্ষোভিত হৈ সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্য্যসূচী।

প্ৰতিবাদকাৰীসকলে প্ৰাকৃতিক দুৰ্যোগ, বানপানী তথা আবতৰীয়া বতাহ বৰষুণ আৰু শিলাবৃষ্টিয়ে শস্য অনিষ্ট কৰাৰ কৃষকক ক্ষতিপূৰণ দিয়াৰ দাবী জনায়।

খুমটাই আঞ্চলিক কৃষক আৰু জব কাৰ্ড শ্ৰমিক সন্থাৰ উদ্যোগত সাব্যস্ত কৰা প্ৰতিবাদত কৰ্মৰত জব কাৰ্ড শ্ৰমিকসকলে এমাহৰ অধিক দিনৰ ধৰি হাজিৰা নোপোৱাত ক্ষোভ প্ৰকাশ কৰাৰ লগতে শীৰ্ঘ্ৰে তেওঁলোকক প্ৰাপ্য মজুৰি দিয়াৰ দাবী জনায়।

প্ৰতিবাদকাৰী সকলে জব কাৰ্ড শ্ৰমিকৰ কৰ্মদিন বৃদ্ধি, হাজিৰা নিয়মীয়াকৰণ আৰু শ্ৰমিকৰ বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই ‘কৃষকক প্ৰতাৰণা কৰা বন্ধ কৰক’, ‘গোলাঘাট জিলা কৃষি বিভাগ হায় হায়’ আদি শ্ল’গানেৰে অঞ্চলটোৰ আকাশ বতাহ কঁপাই তোলে।

লগতে পঢ়ক – কংগ্ৰেছৰ পৰা পদত্যাগ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply