নিউজ ডেস্ক : দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটিড (OIL)-ত বিভিন্ন বিভাগৰ ২৫ টা পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন বিচৰা হৈছে।
অসমৰ উপৰি অইল ইণ্ডিয়াই তৈল উৎপাদন আৰু খনন কাৰ্য্য চলোৱা অৰুণাচল প্ৰদেশৰ অঞ্চলসমূহৰ অৰ্হতাসমপন্ন প্ৰাৰ্থীসকলে ইয়াৰ বাবে আৱেদন কৰিব পাৰে।
পদ সমূহ হৈছে – নাৰ্ছিং টিউটৰ (৫ টা পদ), ফাৰ্মাচিষ্ট (৪ টা পদ), নাৰ্ছ (১৩ টা পদ), পাৰামেডিকেল লেব টেকনিচিয়ান (৩ টা পদ)।
আটাইকেইটা পদ ঠিকাভিত্তিক হ’ব বুলি বিভাগীয় জাননীত প্ৰকাশ কৰা হৈছে।
মুঠ ২৫ টা পদৰ ০২ টা এছ চি, ০৩ এছ টি, ০৭ টা অ’ বি চি (নন ক্ৰিমী লেয়াৰ), ০২ টা আৰ্থিকভাৱে পিছপৰা শ্ৰেণী বাবে সংৰক্ষিত থকাৰ বিপৰীতে ১১ টা পদ অসংৰক্ষিত।
অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে ৱাক-ইন-ইণ্টাৰ্ভিউত অৱতীৰ্ণ হ’ব লাগিব। ৱাক-ইন-ইণ্টাৰ্ভিউৰ তাৰিখ বিজ্ঞাপন উল্লেখ কৰা হৈছে।
আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক।
বিতং তথ্যৰ বাবে আগ্ৰহী প্ৰাৰ্থীসকলে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : অসম-মিজোৰাম সীমান্তৰ ঘটনাক লৈ কি কয় ৰাজ্যৰ ৰাজনৈতিক মহলে