নিউজ ডেস্ক : অসম লোকসেৱা আয়োগে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ অধীনত খালী হৈ থকা গৱেষণা বিষয়া / সহকাৰী পৰিকল্পনা বিষয়াৰ ১৫ টা পদৰ নিযুক্তিৰ বাবে অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

এক বিজ্ঞাপন যোগে অসম লোকসেৱা আয়োগে আগ্ৰহী প্ৰাৰ্থীসকলক অনলাইন আৱেদন কৰিবলৈ আহ্বান জনায়। আৱেদনৰ অন্তিম তাৰিখ ৩০ ছেপ্টেম্বৰ।

প্ৰাৰ্থীসকল অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে তেওঁলোকৰ শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা পৰিসংখ্যা, গণিত, অৰ্থনীতি, বাণিজ্য, বিজনেছ মেনেজমেণ্ট, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, সমাজতত্ত্ব, সমাজসেৱা, নৃতত্ত্ব, সামাজিক নৃতত্ত্ব আদি যিকোনো এটা বিষয়ত ন্যূনতম দ্বিতীয় শ্ৰেণীত স্নাতকোত্তৰ ডিগ্ৰীধাৰী হ’ব লাগিব।    

বয়স ০১.০১.২০২১-ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। এছ চি আৰু এছ টি প্ৰাৰ্থীৰ বাবে বয়সৰ ক্ষেত্ৰত ৫ বছৰ, অ’বিচি আৰু এমঅ’বিচি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ বছৰ আৰু পি ডব্লিউ ডি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ বছৰৰ ৰেহাই প্ৰযোজ্য।

দৰমহা মাহিলি ২২,০০০ৰ পৰা ৯৭,০০০ টকা। গ্ৰেড পে’ ১১,৮০০ টকা। সাধাৰণ প্ৰাৰ্থীৰ আৱেদন মাচুল ২৮৫.৪০ টকা, SC/ST/OBC/MOBC প্ৰাৰ্থীৰ ১৮৫.৪০ টকা, বিপিএল, পি ডব্লিউ ডি আৰু মহিলা প্ৰাৰ্থীৰ ৩৫.৪০ টকা।

অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত আৰু ইয়াত ক্লিক কৰক।

বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : ক’ভাক্সিন লৈ বিপদত এতিয়া ছাত্ৰ ছাত্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply