নিউজ ডেস্ক : অসম লোকসেৱা আয়োগে ৰাজ্য চৰকাৰৰ পৰিৱৰ্তন আৰু উন্নয়ন বিভাগৰ অধীনত পৰিকল্পনা সেৱাত খালী হোৱা ৪৫ টা গৱেষণা সহকাৰী পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।
অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে। আৱেদনৰ অন্তিম তাৰিখ ৩ নৱেম্বৰ।
মুঠ ৪৫ টা পদৰ ৮টা পদ অ’বিচি / এমঅ’বিচি প্ৰাৰ্থী, ৬ টা পদ এছটিপি প্ৰাৰ্থী, ২ টা পদ এছটিএইচ প্ৰাৰ্থী, ৬ টা পদ এছচি প্ৰাৰ্থী, ৫ টা পদ ইডব্লিউএছ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত থকাৰ বিপৰীতে ১৮ টা পদ অসংৰক্ষিত।
দৰমহা মাহিলি ২২,০০০ টকাৰ পৰা ৯৭,০০০ টকা। গ্ৰে’ড পে’ ৯,৪০০ টকা। প্ৰাৰ্থীৰ বয়স ০১,০১,২০২১ -ত ২১-ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।
আৱেদন মাচুল – জেনেৰেল, ইডব্লিউএছ : ২৮৫.৪০ টকা, এছচি, এছটি, অ’বিচি, এমঅ’বিচি : ১৮৫.৪০ টকা, বিপিএল : ৩৫.৪০ টকা, পিডব্লিউবিডি : ৩৫.৪০ টকা, মহিলা প্ৰাৰ্থীৰ: ৩৫.৪০ টকা।
আৱেদন মাচুল জমা দিয়াৰ অন্তিম তাৰিখ ৫ নৱেম্বৰ।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতাকে ধৰি আন তথ্যৰ বাবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাব পাৰে।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
অনলাইন আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : অৱশেষত গ্ৰেপ্তাৰ বিধায়ক শ্বেৰমান আলী