নিউজ ডেস্ক : অসম চৰকাৰৰ প্ৰাৰ্থমিক শিক্ষা সঞ্চালকালয়ে ৯৩৫৪ টা শিক্ষকৰ পদৰ বাবে অৰ্হতা সম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে।
বিভাগীয় বিজ্ঞাপনত জনোৱা মতে ৰাজ্যৰ বিভিন্ন জিলাত নিম্ন আৰু উচ্চ প্ৰাৰ্থমিক বিদ্যালয় সমূহত খালী হৈ থকা সহযোগী অধ্যাপক, বিজ্ঞানৰ অধ্যাপক, অসমীয়া আৰু মণিপুৰি বিভাগৰ অধ্যাপকৰ পদসমূহত নিযুক্তিৰ সৃষ্টি হৈছে।
অনলাইন যোগে আৱেদন জমা দিয়াৰ অন্তিম তাৰিখ ২৭ অক্টোবৰ আৰু ৩১ ডিচেম্বৰ। প্ৰাৰ্থীৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।
অহা ২৭ ছেপ্টেম্বৰৰ পৰা অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব।
প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা তথা আন গুৰুত্বপূৰ্ণ তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাওক।
বিভাগীয় ৱেবছাইটৰ বাবে ইয়াত ক্লিক কৰক।
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : কিদৰে আশ্ৰয় শিবিৰত দিন পাৰ কৰে বানপীড়িত ৰাইজে? বিদ্যুতৰ বিকল্প ব্যৱস্থাৰ সন্ধানত..