নিউজ ডেস্ক : আপুনি চাকৰিৰ সন্ধানত আছে নেকি? The IRCON International Limited –এ এক বিজ্ঞাপন জৰিয়তে ১১ পদৰ বাবে অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদনপত্ৰ আহ্বান কৰিছে।

পদ সমূহ হৈছে Works Engineer/Electrical-ৰ ৬ টা পদ আৰু Site Supervisor/Electrical -ৰ ৫ টা পদ।

আৱেদনৰ বাবে প্ৰাৰ্থীসকলৰ বয়স ৩০ বছৰৰ ভিতৰত হ’ব লাগিব বুলি বিজ্ঞাপনত উল্লেখ কৰা হৈছে।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা Electrical Engineering -ত  যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা AICTE/UGC অনুমোদিত শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা ৬০ শতাংশ নম্বৰসহ স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

Works Engineer/Electrical-ৰ মাহিলী দৰমহা ৩৬,০০০ টকা হোৱাৰ বিপৰীতে Site Supervisor/Electrical –ৰ মাহিলী দৰমহা ২৫,০০০ টকা।

ৱাক ইন ইণ্টাৰভিউৰ জৰিয়তে প্ৰাৰ্থী বাছনি কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীয়ে যাৱতীয় ডকুমেণ্টছসহ নিৰ্দিষ্ট তাৰিখত ৱাক ইন ইণ্টাৰ্ভিউৰ বাবে যাব পাৰে।

Works Engineer/Electrical-ৰ পদৰ বাবে ২৫ আগষ্টত পুৱা ৯.৩০ বজাৰ পৰা আবেলি ৪.০০ বজাৰ ভিতৰত আৰু Site Supervisor/Electrical -ৰ পদৰ বাবে ২৭ আগষ্ট পুৱা ৯.৩০ বজাৰ পৰা আবেলি ৪.০০ বজাৰ ভিতৰত তলত ঠিকনাত উপস্থিত হ’ব লাগিব।

RE Project, IRCON, Subordinate Officer Guest House, Tinsukia Railway Colony, Near Ramthakur Ashram, Tinsukia-786125, Assam

 বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

আৱেদন পত্ৰৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : বেঁকী নৈৰ খহনীয়াই লৈছে ভয়ংকৰ ৰূপ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply