নিউজ ডেস্ক : বাক্সা জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (কে জি বি ভি)-ৰ তামুলপুৰ আৰু নাগ্ৰিজুলি শাখাত খালী হৈ থকা সহকাৰী শিক্ষক আৰি চকীদাৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।
খালী হৈ থকা ৮ পদত নিযুক্তিৰ বাবে কেৱল বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ বাসিন্দাই আৱেদন কৰিব পাৰিব বুলি এক বিজ্ঞাপন যোগে সদৰী কৰা হৈছে।
তদুপৰি শিক্ষকৰ পদসমূহ মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ পৰা ৪৩ বছৰৰ ভিতৰত হ’ব লাগিব।
আগ্ৰহী প্ৰাৰ্থী সকলে অহা ২৯ ছেপ্টেম্বৰৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব লাগিব।
বিতং তথ্যৰ বাবে বিভাগীয় বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক।
লগতে পঢ়ক : মুক্তি লাভ কৰিলে নতুন অসমীয়া ৱেবছিৰিজ ‘মৃত্যুঞ্জয়’, Reeldrama-ৰ নতুন সংযোজন