নিউজ ডেস্ক : ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ৪৬৬ পদত নিযুক্তি সৃষ্টি হৈছে। সমূহীয়া স্বাস্থ্য বিষয়া (CHO)-ৰ পদ সমূহত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে।  

অৰ্হতাসম্পন্ন ইচ্ছুক প্ৰাৰ্থীসকলে ৩১ জুলাই ২০২১ৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰে।

উক্ত নিযুক্তি ঠিকাভিক্তিক হ’ব আৰু দৰমহা মাহিলি ২৫,০০০ টকা। ইয়াৰ উপৰি মাহিলি ১৫,০০০ টকালৈকে ইনচেণ্টিভৰ ব্যৱস্থা থাকিব।

প্ৰাৰ্থীৰ বয়স ১ জুন ২০২১ চনত ৪৩ বছৰৰ ভিতৰত হ’ব লাগিব।

প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হ’ব B. Sc নাৰ্ছিং লাগিব আৰু Assam Nurses Midwives’ & Health Visitors’ Council দ্বাৰা পঞ্জীকৃত এগৰাকী Registered Nurse Registered Midwife (RNRM) হ’ব লাগিব।

অৰ্হতাসম্পন্ন আগ্ৰহী প্ৰাৰ্থীসকলে অহা ৩১ জুলাইৰ ভিতৰত যাৱতীয় ডকুমেণ্টছসহ অনলাইন আৱেদন কৰিব পাৰে।

আৱেদনৰ বাবে ইয়াত ক্লিক কৰক।

বিভাগীয় বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : এই কেইবিধ খাদ্যৰে গৰমৰ দিনকেইটা শৰীৰটোক শিতল কৰি ৰাখক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply