নিউজ ডেস্ক : The Assam Tea Employees Provident Fund Organization (ATEPFO)-ত ২৫ টা কনিষ্ঠ সহকাৰীৰ (Junior Assistants)পদত নিযুক্তিৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। ATEPFO-ৰ মুখ্য কাৰ্য্যালয়কে ধৰি বিভিন্ন জিলাসমূহত নিযুক্তি দিয়া হ’ব।

উল্লেখযোগ্য যে উক্ত নিযুক্তিৰ আৱেদন প্ৰক্ৰিয়া ১৫ জুলাইৰ পৰা আৰম্ভ হোৱা কথা আছিল যদিও বৰ্তমান চলি থকা ক’ভিড পৰিস্থিতিৰ বাবে ইয়াক ১ আগষ্টলৈ পিছোৱাই দিয়া হৈছে।

আগ্ৰহী প্ৰাৰ্থীসকলে ATEPFO ৰ ৱেবছাইটত গৈ ১ আগষ্টৰ পৰা ৩০ আগষ্টৰ ভিতৰত অনলাইন যোগে আৱেদন কৰিব পাৰিব।

উক্ত ২৫ টা পদৰ ৮ টা মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষিত। বয়সৰ সময়সীমা ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব। OBC/MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত ৩ বছৰ, SC/ST প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫ বছৰ আৰু PWD প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০ বছৰ বয়সৰ ৰেহাই থাকিব।

দৰমহা মাহিলি ১৪,০০০ৰ পৰা ৪৯,০০০ টকা, গ্ৰেড পে’-৬,২০০ টকা। শিক্ষাগত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো বিভাগত স্নাতক উত্তীৰ্ণ আৰু ন্যূনতম ৬ মাহৰ কম্পিউটাৰ প্ৰমাণপত্ৰ থকাটো বাঞ্চনীয়।

আৱেদনৰ মাচুল – SC/ST ২০০ টকা, অন্যান্য ৩০০ টকা, PWD বিনামূলীয়া। প্ৰাৰ্থীসকলক দুটা পৰ্য্যায়ত বাচনি কৰা হ’ব।

সবিশেষ তথ্যৰ আবে ইয়াত ক্লিক কৰি বিভাগীয় বিজ্ঞাপন চাওক।

আৱেদনৰ দিন পিছুৱাই দিয়াৰ জাননীৰ বাবে ইয়াত ক্লিক কৰক।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply