নিউজ ডেস্ক : অসম চৰকাৰৰ জল সম্পদ বিভাগৰ কেইবাটাও পদত নিযুক্তি মুকলি হৈছে। এক বিজ্ঞাপন যোগে জল সম্পদ বিভাগে সহকাৰী অভিযন্তা (চিভিল) আৰু কনিষ্ঠ অভিযন্তা (চিভিল)-ৰ ১০০ টা পদত অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে।

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন যোগে আৱেদন কৰিব পাৰে।

পদ সমূহ হৈছে –

সহকাৰী অভিযন্তা (চিভিল) ৬৩ পদ। দৰমহা মাহিলি ৩০,০০০ টকাৰ পৰা ১,১০,০০০ টকা ১২,৭০০ টকা গ্ৰেড পে’।

শিক্ষাগত অৰ্হতা – চিভিল ইঞ্জিনিয়াৰিঙত বি. ই হ’ব লাগিব। বয়সৰ সময়সীমা – ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।

কনিষ্ঠ অভিযন্তা (চিভিল) ৩৭ পদ। দৰমহা মাহিলি ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা ৮,৭০০ টকা গ্ৰেড পে’।

শিক্ষাগত অৰ্হতা – চিভিল ইঞ্জিনিয়াৰিঙত ৩ বছৰীয়া ডিপ্ল’মা থাকিব লাগিব। বয়সৰ সময়সীমা – ২১ বছৰৰ পৰা ৩৮ বছৰৰ ভিতৰত হ’ব লাগিব।

দুয়োটা পদতে বয়সৰ ক্ষেত্ৰত OBC/MOBC প্ৰাৰ্থীৰ বাবে ৩ বছৰ, SC/ST প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু PWD প্ৰাৰ্থীৰ বাবে ১০ বছৰ ৰেহাই দিয়া হ’ব।

আৱেদন প্ৰক্ৰিয়া এতিয়াও আৰম্ভ হোৱা নাই। আগ্ৰহী আৱেদন প্ৰক্ৰিয়া আৰম্ভ হ’লে জল সম্পদ বিভাগৰ ৱেবছাইটত গৈ আৱেদন কৰিব পাৰে।

বিভাগীয় ৱেবছাইট – ইয়াত ক্লিক কৰক।

সবিশেষ বিজ্ঞাপনৰ বাবে – ইয়াত ক্লিক কৰক।

লগতে পঢ়ক : আজি ৰাষ্ট্ৰীয় আম দিৱস : ফলৰ ৰজাৰ এই গুণ কেইটাৰ কথা আপুনি জানেনে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply