নিউড ডেস্ক : প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা বিনিময় প্ৰথাৰ বাবে প্ৰসিদ্ধ ঐতিহাসিক জোনবিল মেলা এইবাৰ অনুষ্ঠিত নহয়। ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৫০০ বছৰ পুৰণি গোভা দেওৰজাৰ এই মেলা এইবাৰ বাতিল কৰা হৈছে।
পূৰ্বৰ দৰে এইবাৰো মেলা পৰিচালনা সমিতিয়ে ২০, ২১ আৰু ২২ জানুৱাৰী তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে মেলা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।
পৰিচালনা সমিতিয়ে জনোৱা মতে এইবাৰ জোনবিল মেলা অনুষ্টুপিয়াকৈ অনুষ্ঠিত হ’ব। আনহাতে ক’ভিডৰ বাবে এইবাৰ আঁহতগুৰিৰ বিখ্যাত ম’হ যুঁজো বাতিল কৰা হৈছে।
উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ গোভা ৰজাৰ দিনৰে পৰা চলি অহা পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ চানেকি জোনবিল মেলাত চুবুৰিয়া ৰাজ্য মেঘালয়ৰ লগতে কাৰ্বি আংলঙৰ উমদেন, উমদুখা, লংপ, মৰঙা আদি গাঁৱৰ জনজাতিসকলে জলকীয়া, আদা, হালধি, কচু, ৰঙালাউ, লা, বাঁহ–বেতৰ সামগ্ৰীৰে মেলাত অংশ লৈ ভৈয়ামৰ লোকসকলৰ সৈতে সামগ্ৰীৰ বিনিময় কৰে।
লগতে পঢ়ক – মাছ মৰাক কেন্দ্ৰ কৰি কাজিৰঙাত উত্তপ্ত পৰিস্থিতি