নিউজ ডেস্ক : ‘জন্মৰ পৰা ইমান ডেকা হ’লহি এচাটো পিটি নাপালো, এতিয়া লোকৰ হাতত মাৰ খাই পৃথিৱীৰ পৰাই সি গুচি গ’ল’ – ঘৰৰ পৰা বন্ধুৰ সৈতে ওলাই যোৱা পুত্ৰক চিৰদিনৰ বাবে হেৰোৱা এগৰাকী মাতৃৰ এইয়া বুকু ভঙা কান্দোন।

কিয় বিনা কাৰণত এখন ‘সম্ভ্ৰান্ত’ নগৰৰ মাজমজিয়াত এদল উন্মাদ, উন্মত্ত মানুহে তেওঁৰ পুত্ৰক এনে নিষ্ঠুৰ অত্যাচাৰ চলাই হত্যা কৰিলে? কিয় মানুহৰে গিজগিজাই থকাৰ পিছতো তেওঁৰ ল’ৰাক বচাবলৈ এজনো মানুহ আগবাঢ়ি নাহিল? এনে অসংখ্য প্ৰশ্ন এতিয়া চকুলো হৈ খকন্দগুৰি গাঁৱৰ হিৰো ভুঞাৰ দুচকুত উলমি ৰৈছে।

সোমবাৰে একাংশ উন্মত্ত লোকৰ আক্ৰমণত প্ৰাণ হেৰোৱাব লগা হোৱা অনিমেষ ভূঞাৰ মৃত্যুয়ে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাজ্যখনকে জোকাৰি গৈছে। ৰাজ্যৰ সৰ্বত্ৰে দোষীক কঠোৰতম শাস্তি প্ৰদানৰ দাবী উঠিছে।

বৰ্তমানৰ পৰিস্থিতি, ৰাইজৰ ক্ষোভৰ বহিঃপ্ৰকাশ

ইতিমধ্যে ঘটনাৰ সৈতে জড়িত ১৩ গৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে নিৰোজ দাস ওৰফে ক’লা ল’ৰাক ঘটনাৰ মূল অভিযুক্ত হিচাপে চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে নিৰজ দাসৰ পিতৃ মোহন দাসৰ উচতনিত অনিমেষ আৰু তেওঁৰ দুই বন্ধুক নিৰোজ দাস আৰু তেওঁৰ একাংশ সহযোগীয়ে আক্ৰমণ চলাইছিল। এই পৰ্য্যন্ত ৭জন অভিযুক্তক আৰক্ষীৰ জিম্মাত লোৱাৰ বিপৰীতে ৫জনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে তৎপৰতাৰে ঘটনাৰ মূল অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰি বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে যদিও মানুহৰ ক্ষোভ এতিয়াও শাম কটা নাই। ধৃত অভিযুক্ত কেইজনক আজি আদালতলৈ নিয়াৰ সময়ত একাংশ উত্তেজিত লোকে আৰক্ষীৰ নিৰাপত্তা নেওচি নিৰজ দাস আৰু তেওঁৰ সহযোগী কেইজনক আক্ৰমণৰ চেষ্টা চলোৱাৰ লগতে তেওঁক ৰাইজৰ হাতত গতাই দিয়াৰ দাবী তোলে। যাৰ ফলত মূল অভিযুক্ত নিৰোজ দাসক আৰক্ষীয়ে আদালতত হাজিৰ কৰাব পৰা নাই।

ইয়াৰ উপৰি সামাজিক মাধ্যমসমূহতো দোষীক চৰম শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈছে। বিভিন্নজনে দোষীক মৃত্যদণ্ড দিয়াৰো দাবী তুলিছে। ‘এনকাউণ্টাৰ কৰক’, ‘ৰাজহুৱা ঠাইত ফাঁচি দিয়ক’, ‘ফাঁচি দিব নোৱাৰিলে আমাক এৰি দিয়ক’ আদি দাবীৰে ফেচবুকৰ কমেণ্ট চেকশ্যন ভৰি পৰা দেখা গৈছে।

মোহন দাস আৰু তেওঁৰ পুত্ৰ নিৰজ দাস (ঘটনাৰ মূল অভিযুক্ত)

পৰিস্থিতিৰ পিনে চাই, বিশেষকৈ আক্ৰমণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত, ৰাইজৰ ক্ষোভ বুজিব পৰা যায় যদিও এনেধৰণৰ দাবীসমূহ কিমান দূৰলৈকে গ্ৰহণযোগ্য সেইয়া এক বিচাৰ্য্যৰ বিষয়। যুৱ নেতা তথা এগৰাকী সক্ৰিয় সামাজিক আৰু ৰাজনৈতিক কৰ্মী প্ৰণৱ দলেয়ে সকলোকে ঘৃণা এৰি শান্তিৰ বাবে ওলাই আহিবলৈ আহ্বান জনাইছে।

‘যোৰহাট কাণ্ড অতি বেদনাদায়ক। দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনালোঁ আৰু ৰাজ্য চৰকাৰে জেন মৃতকৰ পৰিয়ালক উচিত সহযোগ আগবঢ়াই। বহু লোকে বৰ্বৰ শাস্তিৰ দাবী কৰিছে কিন্তু কাক কাক শাস্তি দিব ভালকৈ চালে দেখোন সমগ্ৰ অসমখনেই ৰক্ত পীপাশু হৈ পৰিছে। এইয়া আমি ক’ত আছোঁ? কেতিয়াবা ৰাষ্ট্ৰই টঙনিয়াই, গুলীয়াই, মাৰে কেতিয়াবা উন্মাদ জনতাই। অসমৰ ৰাইজক অনুৰোধ ঘৃণা এৰক। সকলোৱে শান্তিৰ বাবে ওলাই আহক। আহক মানুহ হওঁ যাতে আমি ইজনে সিজনৰ কাৰণে ঠিয় দিব পাৰোঁ।’ তেওঁ কয়।

কিমানদূৰ ফলপ্ৰসু ফাষ্ট ট্ৰেক আদালত? সাৰি যাব নেকি অপৰাধী?

দোষীয়ে যাতে কোনো কাৰণতে সাৰি যাব নোৱাৰে তাৰ বাবে আছুকে ধৰি বিভিন্ন দল-সংগঠন তথা সাধাৰণ ৰাইজে চৰকাৰক ফাষ্ট ট্ৰেক আদালত স্থাপন কৰি অনতিপলমে বিচাৰ আৰম্ভ কৰিবলৈ দাবী জনাইছে। কিন্তু বহু সময়ত উপযুক্ত সাক্ষী-বাদীৰ অভাৱত এনে বহু গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সাধাৰণতে বিলম্ব হৈ গৈ থাকে।

২০১৮ চনত কাৰ্বি-আংলঙত সংঘটিত ভয়ংকৰ আক্ৰমণৰ চিকাৰ হোৱা অভিজিত আৰু নীলোৎপলৰ পৰিয়ালে আজি পৰ্য্যন্ত ন্যায় লাভ কৰা নাই। এতিয়াও সাক্ষ্যগ্ৰহণেই সম্পূৰ্ণ হোৱা নাই অভি-নীল হত্যাকাণ্ডৰ।

যোৰহাটত অনিমেষকৰ সৈতে হোৱা ঘটনাত আক্ষেপ প্ৰকাশ কৰি অভিজিতৰ পিতৃ অজিত কুমাৰ নাথে কয়, ‘সাক্ষ্য গ্ৰহণেই শেষ হোৱা নাই ৷ আমাক আকৌ এটা তাৰিখ দিছে ২০ ডিচেম্বৰ ৷ ইমান অপেক্ষা কেনেকৈ সম্ভৱ ৷ মই এটা কথাই ভাবোঁ, অনিমেষৰ ঘটনাটোৰ ন্যায় প্ৰক্ৰিয়া ছমাহতে শেষ হওক ৷ যদি অভি-নীলৰ হত্যাকাৰীয়ে দৃষ্টান্তমূলক শাস্তি পালেহেঁতেন, যোৰহাটৰ নৰাধমবোৰে অনিমেষক মৰাৰ সাহস কৰিব নোৱাৰিলেহেঁতেন।’

উল্লেখযোগ্য যে বেছিভাগ ক্ষেত্ৰতে উপযুক্ত সাক্ষীৰ অভাৱত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰে। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই যোৰহাটৰ ঘটনাৰ প্ৰত্যক্ষদৰ্শীসকলক সাক্ষ্যদান দি দোষীক উচিত শাস্তি প্ৰদান কৰাত সহায় কৰিবলৈ আহ্বান জনায়।

‘কোনেও সাক্ষী-বাদী বা আইনী মেৰপেঁচত সোমাব নিবিচৰাৰ বাবে তদন্ত প্ৰক্ৰিয়া লেহেমীয়া হ’ব ধৰিছে আৰু তাৰ বাবে এনেকোৱা ধৰণৰ ঘটনা বিলাক বছৰৰ পিছত বছৰ তদন্ত হোৱাৰ পিছতো কোনো ধৰণৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নাই,’ বৰুৱাই কয়।

‘সম্ভ্ৰান্ত’ যোৰহাটত তিনি বছৰত তৃতীয়টো ‘মব লিন্সিং’ৰ ঘটনা

ৰাজ্যৰ প্ৰতিজন নাগৰিকে ছাত্ৰ নেতা অনিমেষ ভূঞাৰ বৰ্বৰ হত্যাকাণ্ডক একেমুখে ধিক্কাৰ জনাইছে। ধিক্কাৰ গৰিহণাৰ মাজত বহুতেই উক্ত ঘটনাই যোৰহাটৰ গৰিমাক চেকা সানিলে বুলি মন্তব্য প্ৰকাশ কৰা দেখা গৈছে। নিসন্দেহে কালিৰ ঘটনাটো কোনো সভ্য সমাজৰ বাবে গ্ৰহণযোগ্য নহয়। কেৱল যোৰহাটেই নহয় এই ঘটনাই পুনৰ এবাৰ সমগ্ৰ অসমকে লজ্জানত কৰিছে।

মন কৰিবলগীয়া যে যোৰহাটত এনেধৰণৰ ঘটনা এইটোৱেই প্ৰথম নহয়৷ ২০১৯ চনৰ ৩১ আগষ্টত যোৰহাট জিলাৰ টীয়কত গণপ্ৰহাৰত প্ৰাণ হেৰুৱাইছিল ডাঃ দেৱেন দত্তই। ইয়াৰ পিছৰ বছৰ ২০২০ চনত যোৰহাট জিলাৰ মৰিয়নিত দেৱাশিস গগৈ নামৰ এজন যুৱকৰ গণপ্ৰহাৰত মৃত্যু হৈছিল। কেৱল যোৰহাটেই নহয় সমগ্ৰ অসমতে ক্ৰমাৎ হিংসাত্মক ঘটনা যথেষ্ট বৃদ্ধি পাবলৈ ধৰিছে। সাধাৰণ কথা এটাতে মানুহে আইন হাতত তুলি ল’বলৈ কুণ্ঠাবোধ নকৰা হৈছে।

যোৰহাটৰ নৃসংশ হত্যাকাণ্ডক লৈ এতিয়াও সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। যোৰহাট নগৰৰ মাজমজিয়া হোৱাৰ লগতে ঘটনাস্থলীৰ কাষতেই আৰক্ষী অধীক্ষকৰ কাৰ্যালয় থকাৰ পিছতো কিয় আৰক্ষীৰ দল উপস্থিত নহ’ল তাক লৈ অভিযোগ উঠিছে।

জানিব পৰা মতে মুখ্য মন্ত্ৰীৰ অনুষ্ঠান থকাৰ বাবে সোমবাৰে দুখনকৈ সভাত যোৰহাট আৰক্ষী ব্যস্ত আছিল, যাৰ বাবে ইমান ভংয়কৰ এক ঘটনা সংঘটিত হোৱা সত্ত্বেও পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত আৰক্ষী মজুত নাছিল বুলি বহুতে অভিযোগ কৰিছে।

লগতে পঢ়ক : ভাৰতীয় মূলৰ পৰাগ আগৰৱাল Twitter ৰ নতুন CEO

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply