সোণাৰি : যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃ, সোণাৰি সমষ্টিৰ অন্তৰ্গত বিমলাপুৰ অঞ্চলৰ স্থায়ী বাসিন্দা, ধৰ্মপৰায়ন মহিলা সৰুমাই গগৈৰ আজি পৰলোক প্ৰাপ্তি ঘটে।
দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা সাংসদ গৰাকীৰ মাতৃৰ আজি পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক সোণাৰিৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে, মৃত্যুৰ সময়ত সৰুমাই গগৈৰ বয়স হৈছিল ৮০ বছৰ। পিছত বিমলাপুৰস্থিত সাংসদ গৰাকীৰ বাসগৃহত যথেষ্ট সংখ্যক গুণমুগ্ধৰ উপস্থিতিত তেওঁ অন্ত্যোষ্টিক্ৰীয়া সম্পন্ন কৰা হয়।
সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃৰ মৃত্যুত শোক প্ৰকাশ কৰা লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্ৰীয় তথা জিলাৰ বিষয়ববীয়া, শিক্ষক সমাজ, বিজেপিৰ কৰ্মকৰ্তা তথা বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া সকলে।
লগতে পঢ়ক : আলফাৰ সৈতে সাৰ্বভৌমত্বক লৈ আলোচনাৰ বাবে প্ৰস্তুত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা!