মাৰ্ঘেৰিটা : ছাত্ৰ নেতা অনিমেষ ভূঞাৰ মৃত্যুয়ে সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক শোকাচ্ছন্ন কৰি তুলিছে। সোমবাৰে একাংশ উন্মত্ত লোকৰ জিঘাংসাৰ বলি হৈ যোৰহাট নগৰৰ মাজমজিয়াতে ছাত্ৰ নেতাজনে মৃত্যুক সাবটি লৈছিল।

গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ পবিত্ৰ স্মৃতিত তথা উক্ত ঘটনাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাই আজিৰ পৰা ৩ দিনীয়া শোক কাৰ্যূচী ৰূপায়ন কৰিছে।

মাৰ্ঘেৰিটা ৰঙ্গমঞ্চৰ সন্মুখত থকা শ্বহীদ বেদীত আজি মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শোক কাৰ্যূচী ৰূপায়ন কৰা হয়। ইয়াৰ অংশ হিচাপে নিহত ছাত্ৰনেতা গৰাকীৰ শ্ৰদ্ধাঞ্জলিত আছুৰ পতকা অৰ্ধ নমিত কৰি ৰখা হয়।

মাৰ্ঘেৰিটা আছুৰ সভাপতি চিন্তু গগৈ আৰু সম্পাদক ৰূপম বৰুৱা উপস্থিত থকা এই কাৰ্যসূচীৰ জৰিয়তে দোষীক কঠোৰ শাস্তী দিয়াৰ লগতে ফাষ্ট ট্ৰেক ক’ৰ্টত গোচৰ চলাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply