বোকাখাত, উত্তম কুমাৰ শৰ্মা: গোলাঘাট বন বিভাগৰ বিৰুদ্ধে গোচৰ ৰুজো পৰিবেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ববল্লভ গোস্বামীৰ লগতে লেখক অণৰ্ব শইকীয়াৰ।

গোলাঘাটৰ বন সংমণ্ডল প্ৰাধিকাৰী, সহকাৰী বন সংৰক্ষক তথা বনাঞ্চলিক বিষয়াৰ লগতে নুমলীগড় আৰু বকিয়াল খণ্ড বন বিষয়াৰ বিৰুদ্ধে বৃহস্পতিবাৰে গোলাঘাট সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজো কৰে গোলাঘাটৰ বিশিষ্ট পৰিবেশ কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক অপূৰ্ববল্লভ গোস্বামীৰ লগতে লেখক অণৰ্ব শইকীয়াই।

উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মৰঙী অঞ্চলত চলি থকা বনবিভাগৰ কেতবোৰ অবৈধ কাৰ্যকলাপ বন বিভাগটোৰ শীৰ্ষবিষয়া সকলৰ পৰোক্ষ সহযোগতে সংঘটিত হৈ অহা বুলি অভিযোগ দাখিল কৰা হৈছে গোচৰত।

অভিযোগ অনুসৰি গোলাঘাট জিলাৰ ধনশিৰি, দৈগ্ৰোং আৰু কালিয়নী নৈত একাংশ অসাধু বালি মাফিয়াই বন বিভাগৰ সহযোগিতাতে অহৰহ চলাই গৈছে অবৈধ বালি খননৰ লগতে অবৈধ সৰবৰাহ।

তাৰ মাজতে যোৱা ২৩ ফেব্ৰুৱাৰীত দৈগ্ৰোং অঞ্চলৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত চোৰাং বালিভৰ্তি ডাম্পাৰৰ খুন্দাত দুজনকৈ লোক মৃত্যু হোৱাৰ লগতে চলিত বৰ্ষৰ ২জানুৱাৰীত চোৰাং বালি সংগ্ৰহত নিয়োজিত দুজনকৈ শ্ৰমিক নিশা বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছিল যদিও কেৱল অবৈধ ধন সংগ্ৰহৰ  বাবেই বনবিভাগৰ সকলো নীতি নিৰ্দেশনা জনাঞ্জলি দি নঠিপত্ৰ অবিহনেই অসাধু বালি মাফিয়াৰে মিতিৰালি কৰি জিলাখনৰ তিনিওখন নদীতে বালি খননৰ অনুমতি প্ৰদান কৰি ব্যাপক লুন্ঠনৰাজ চলাই আহিছে জিলা বন বিভাগে।

যাৰ বাবে সমস্ত অভিযোগ উত্থাপন কৰি সদৰ আৰক্ষী থানাত গোচৰ ৰুজো কৰিছে গোলাঘাটৰ বিশিষ্ট পৰিবেশকৰ্মী  অপূৰ্ববল্লভ গোস্বামীৰ লগতে লেখক অণৰ্ব শইকীয়াই।

লগতে পঢ়ক – গুৱাহাটী ৰেল ষ্টেচনত বৃহৎপৰিমাণৰ চুপাৰি জব্দ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply