নিউজ ডেস্ক : অসমৰ যুৱ সাংবাদিক পৰী শইকীয়ালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ Lorenzo Natali Media Prize বঁটা। ৰোহিঙিয়া যুৱতীৰ অবৈধ সৰবৰাহ সম্পৰ্কে যুগুত কৰা বিশেষ প্ৰতিবেদনৰ বাবে শইকীয়ালৈ এই সন্মানীয় বঁটা আগবঢ়োৱা হয়।
উল্লেখযোগ্য যে উক্ত প্ৰতিবেদন প্ৰস্তুত কৰোঁতে শইকীয়াক এবছৰতকৈ অধিক সময়ৰ প্ৰয়োজন হৈছিল।
আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান VICE World News –ত প্ৰকাশিত Rohingya Brides Thought They Were Fleeing Violence. Then They Met Their Grooms শীৰ্ষক অনুসন্ধানমূলক প্ৰতিবেনত শইকীয়াই ৰোহিঙিয়া মহিলাসকলক বিয়াৰ নামত কিদৰে কাশ্মীৰত বিক্ৰী কৰা হয় তাক তুলি ধৰিছে।
তেওঁৰ অনুসন্ধানত প্ৰকাশ পোৱা মতে এই মহিলাসকলক ম্যানমাৰৰ পৰা বাংলাদেশ হৈ কাশ্মীৰৰ মানৱ সৰবৰাহকাৰী চক্ৰৰ হাতত গতাই দিয়া হয় য’ত তেওঁলোকক অতি বীভৎস পৰিৱেশত ৰখা হয়।
শিলং স্থিত Impulse Model Press Club – এ আগবঢ়োৱা Trans-border Human Trafficking Fellowship শীৰ্ষক ফেল’শ্বিপ লাভ কৰি পৰী শইকীয়াই উক্ত প্ৰতিবেদনটো প্ৰস্তুত কৰিছিল।
উক্ত বঁটা লাভ কৰা খবৰ পাই যথেষ্ট আনন্দিত হৈ পৰা শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘কাশ্মীৰত এই মহিলাসকলক বিচাৰি উলিওৱাৰ পৰা আৰম্ভ কৰি যিবিলাক ঘৰত তেওঁলোকক বিক্ৰী কৰা হৈছে তাত গৈ লগ ধৰা আৰু বাংলাদেশৰ কক্স বজাৰত থকা ৰোহিঙিয়া শৰণাৰ্থী শিবিৰত গৈ তেওঁলোকৰ পৰিয়ালৰ সদস্যক লগ ধৰা – এই সকলোবিলাক যথেষ্ট কষ্টকৰ আছিল।’
উক্ত প্ৰতিবেদন প্ৰস্তুত কৰোঁতে তেওঁক সহায় আৰু পৰামৰ্শ আগবঢ়াই অহাৰ বাবে পৰী শইকীয়াই Impulse NGO Network (INGON) –ৰ প্ৰতিষ্ঠাতা হাছিনা খাৰভিহ (Hasina Kharbhih) আৰু ইষ্টম’জ’ (EastMojo) –ৰ মুখ্য সম্পাদক কৰ্মা পালজৰ (Karma Paljor)-ক ধন্যবাদ জ্ঞাপন কৰিছে।
বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত ২০২১ বৰ্ষৰ Lorenzo Natali Media Prize বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও উক্ত অনুষ্ঠান বাতিল কৰা হয় আৰু কালি অৰ্থাৎ ৩০ ছেপ্টেম্বৰত ভাৰ্চুয়েল বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।
তিনিটা শিতানত, ক্ৰমে- Grand Prize, Europe Prize আৰু Best Emerging Journalist, এই বঁটা প্ৰদান কৰা হয়। পৰী শইকীয়াই Grand Prize লাভ কৰিছে।
মুম্বাইৰ SNDT Women’s University –ৰ ছাত্ৰী পৰী শইকীয়াই পৰৱৰ্তী সময়ত দিল্লীৰ Indian Institute of Mass Communication –ৰ পৰা সাংবাদিকতাত স্নাতকোত্তৰ ডিপ্লমা অৰ্জন কৰে।
ইয়াৰ পূৰ্বে ২০১৭ চনত তেওঁ ৰাষ্ট্ৰীয় সংবাদ পত্ৰ টেহেলকাত অসমৰ বাক্সা, কোকৰাঝাৰ আৰু চিৰাঙত শিশুসকলৰ সন্ধানহীন হোৱা সম্পৰ্কত এক অনুসন্ধান চলাইছিল।
এগৰাকী ফ্ৰিলান্স সাংবাদিক হিচাপে কৰ্মৰত পৰী শইকীয়াৰ লেখা Tehelka Magazine, Pioneer Newspaper, Rural Connect magazine, the Statesman, Energy Next magazine আদিত প্ৰকাশ পাইছে।
লগতে পঢ়ক : অৰুণাচল প্ৰদেশৰ চৌখামত ENNG ৰ কেডাৰসহ তিনি গৰাকী লোক আটক