যোৰহাট : যোৰহাটৰ ৰাজপথ কপালে ‘কা’ বিৰোধী আন্দোলন। পুনৰ গণ-আন্দোলনৰ দিশে গতি ‘কা’ বিৰোধী আন্দোলন। ‘কা’ বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।
অসমীয়া জাতীয় জীৱন, ভাষা, সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পৰা নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে যুঁজ এতিয়াও খাম কটা নাই। মাত্ৰ ক’ভিড অতিমাৰী বাবে কিছু ম্লান হৈ পৰিছিল। অসমীয়া জাতীৰ স্বভিমানক কুঠাৰ ঘাট কৰা এই আইন কোনো কাৰণত মানি নলয় সচেতন অসমীয়া ৰাইজে লগতে জাতীয় দল সংগঠনে এই মন্ত্যবৰে প্ৰতিবাদ আৰম্ভ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে।
লগতে পঢ়ক : ছয়গাঁৱত অবৈধ কয়লা ভৰ্তি টাটা ডি আই জব্দ
পুনৰ আজি আকৌ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো ‘কা’ বাতিলৰ দাবীত উত্তাল কৰি তোলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। সংঘটনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি যোৰহাট উপায়ুক্ত যোগেদি মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে। ৫ ছহিদৰ কেঁচা তেজৰ মুল্য নিদিয়াৰ পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে।