ডিফু : কাৰ্বি ভাষাৰ সাধক, Linguistic Society of America ৰ দ্বাৰা বঁটাপ্ৰাপ্ত ডিফুৰ ছিকাৰী তিছ’ক আজি কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷

কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ সন্মিলন কক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিছ’ক পৰিষদৰ মুখ্য কাৰ্যবাহি সদস্য তুলিৰাম ৰংহাঙে কাৰবি চয়হংথৰ, জাম্বুৰং পহ’ আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তিছ’ৱে কাৰ্বি ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে তেওঁৰ আজীৱন কাম কৰি যোৱাৰ পৰিকল্পনা থকা বুলি উল্লেখ কৰি কয় যে সম্প্ৰতি তেওঁ কাৰবি-অসমীয়া-ইংৰাজী ভাষাৰ এখন ত্ৰিভাষিক অভিধান প্ৰস্তুত কৰাত ব্যস্ত হৈ আছে।

ইতিমধ্য অভিধানখনৰ ৬০ শতাংশ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। ইয়াৰ উপৰি ইণ্ডিজেনাছ ট্ৰাইবেল সাহিত্য সভা সন্থাৰ অধীনত ৮ টা জনগোষ্ঠী ভাষাৰ সংমিশ্ৰণেৰে এখন বৃহৎ শব্দকোষ প্ৰণয়ণৰ কাম হাতত লৈছে বুলিও জনায় লেখক গৰাকীয়ে।

সভাত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে Linguistic Society of America ৰ তৰফৰ পৰা স্বীকৃতি লাভ কৰা ছীকাৰী তিছ’ ভাৰতৰ ভিতৰতে দ্বিতীয় গৰাকী বঁটা প্ৰাপক।

তেওঁৰ এই সফলতাই কাৰ্বি সমাজলৈ গৌৰৱ কঢ়িয়াই অনা বুলি ৰংহাঙে লগতে কয়।

উল্লেখযোগ্য যে, দীর্ঘদিন ধৰি কার্বি ভাষাৰ ওপৰত নিৰলে গৱেষণা চলাই যোৱা চিকাৰী তিছ’ই আমেৰিকাৰ গৱেষক লিন্দা কৰনাটক কার্বি ব্যাকৰণ লিখাৰ বাবে ৫ বছৰ ধৰি সহযোগিতা আগবঢ়াইছিল।

কার্বি সাধুকথা, কার্বি লোক-সংস্কৃতিৰ হেৰাই যাব ধৰা সম্পদসমূহ একত্রিত কৰি প্রকাশ কৰি আহিছে চিকাৰী তিছ’ই। ইয়াৰ উপৰি অসমৰ বিভিন্ন কাকত আলোচনীত তেওঁ বিভিন্ন প্রবন্ধ লিখি আহিছে।

আজিৰ অনুষ্ঠানত সাংসদ হৰেণছিং বে’ স্থানীয় বিধায়ক বিদ্যাছিং ইংলেং, ই এম এ চি সকল, চেণ্টাৰ ফৰ কাৰবি ষ্টাডিজৰ সঞ্চালক ধৰমচিং টেৰণ, কে এল ডি বিৰ অধ্যক্ষ লংচিং টেৰণ উপস্থিত থাকে।

লগতে পঢ়ক : তিনি সপ্তাহৰ পিছত জামিন পালে ছাহৰুখ খানৰ তনয় আৰিয়ানে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply