মাজুলী/বটদ্ৰৱা : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মাজুলী আৰু বটদ্ৰৱাৰ ৰাইজে অসমীয়া বাপতি সাহোন কাতি বিহু উদযাপন কৰে। কাতি বিহু উপলক্ষে মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ২১ জোৰা আকাশ-বন্তি প্ৰজ্বলন কৰি আকাশ উজ্বলাই তোলা হয়।

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে সোমবাৰে সন্ধ্যা সত্ৰৰ চৌহদত ২১ জোৰা আকাশবন্তিৰ মূলগছি প্ৰজ্বলন কৰাৰ লগতে সত্ৰৰ মূল বিষয়ববীয়াৰ লগতে সমূহ বৈষ্ণৱে ডবা-শংখ, খোল-তালৰ তালে তালে সংকীৰ্তন গাই আকাশ বন্তি প্ৰদক্ষিণ কৰে।

আনহাতে বটদ্ৰৱাৰ ১২ খন গাঁৱৰ ৰাইজ সমবেত হৈ উদযাপন কৰিলে কাতি বিহু। বটদ্ৰৱাৰ ১২ খন গাঁৱৰ ৰাইজ একত্ৰিত হৈ ঐতিহ্যমণ্ডিত শিঙিয়া দলনিস্থিত গোপাল কৃষ্ণ গৰখীয়া থানত বিহু উদযাপন কৰে।

মহাপুৰুষ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা সমীপৱৰ্তী নসত্ৰ, কহুৱাতলী, ৰাইডঙীয়া, মুকলি গাঁও, ভোগবাৰী, আলিচিগা, গাখজুৱা, আইভেটি, পহুকটা আদি ১২ খন গাঁৱৰ ৰাইজ সমবেত হৈ পুৱাৰে পৰা নাম কীৰ্তন কৰাৰ পাছত ৰবাব টেঙা খোৱা পৰ্ব আদি বিভিন্ন কাৰ্যসূচীৰ অন্তত সন্ধিয়া আকাশ বন্তি জ্বলাই পৰম্পৰা ৰক্ষা কৰে।

তদুপলক্ষে বটদ্রৱাৰ ভোমোৰাগুৰি-নসত্ৰ সংযোগী পথৰ কাষত অৱস্থিত শিঙিয়া দলনিৰ গোপাল কৃষ্ণ গৰখীয়া থানত শ শ লোক সমবেত হৈ আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰে কাতি বিহু।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply