নিউজ ডেস্ক: মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি আজি পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাক্তন সঞ্চালক পি শিৱকুমাৰে উদীয়মান শিল্পী লিম্পী পাঠকক তেওঁৰ শিল্পকৰ্মত সহায়ক হোৱাকৈ এটি লেপটপ প্ৰদান কৰে।
শিলচৰলৈ বদলি হোৱাৰ আগমুহূৰ্তত আজি পুৱাতেই লিম্পী পাঠকৰ ঘৰত সপৰিয়ালে উপস্থিত হৈ বনবিষয়া গৰাকীয়ে শিল্পী গৰাকীক লেপটপটো প্ৰদান কৰি তেওঁৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰে।
শিল্পী গৰাকীক সহায় কৰিবলৈ সুযোগ পাই সুখী হোৱা বুলি উল্লেখ কৰি শিৱকুমাৰে কয় যে কাজিৰঙাৰ লগতে অঞ্চলটোৰ লগত এক আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল। কাজিৰঙাক সদায় মনত ৰাখিব আৰু সুবিধা পালেই কাজিৰঙাৰ বাবে কাম কৰি যাব বুলি তেওঁ লগতে কয়।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এজন সফল সঞ্চালকৰূপে কৰ্তব্য সম্পাদন কৰি যাবলৈ সক্ষম হোৱা পি শিৱকুমাৰৰ কৰ্মকুশলতাৰ লগতে লিম্পী পাঠকলৈ আগবঢ়োৱা সহযোগিতাৰ একেমুখে প্ৰশংসা কৰে অঞ্চলটোৰ ৰাইজে।
লগতে পঢ়ক – সমগ্ৰ দেশৰ লগতে বোকাখাতত বিদ্যুৎ কৰ্মচাৰীৰ দুদিনীয়া ধৰ্মঘট কাৰ্য্যসূচী