বোকাখাত, উত্তম কুমাৰ শৰ্মা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ ক্ষেত্ৰত জাৰি কৰা হৈছে নতুন এছ অ’ পি। এতিয়াৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ পূৰ্বে পৰ্যটকে কেতবোৰ নীতি-নিয়ম পালন কৰিব লাগিব।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে অহা প্ৰতিজন পৰ্যটকে এতিয়াৰ পৰা দুয়োপালি ভেকচিন লোৱা প্ৰমাণপত্ৰ দেখুৱাব লাগিব। ইয়াৰ উপৰি মাস্ক পিন্ধাটো কৰাৰ লগতে জীপচিত সৰ্বাধিক পাঁচজন লোকেহে ভ্ৰমণ কৰিব পাৰিব।
কেৱল পৰ্যটকেই নহয় কাজিৰঙালৈ গৱেষণা সংক্ৰান্তত অহা গৱেষক বা অন্যান্য লোকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব এই নিয়ম।
সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি.শিৱকুমাৰে এই কথা সদৰী কৰে।
ইতিমধ্যে হোটেল এছ’চিয়েচনৰ লগতে জীপ ছাফাৰী এছ’চিয়েচনক ক’ভিড সংক্ৰান্তীয় সকলো নিৰ্দেশনা পালন কৰিবলৈ জাননী জাৰী কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই।
উল্লেখযোগ্য যে ক’ভিডৰ দ্ৰুত সংক্ৰমণৰ বাবেই চৰকাৰী নিৰ্দেশনা অনুযায়ী কাজিৰঙাত জাৰি কৰা হৈছে ক’ভিড সংক্ৰান্তীয় এই নতুন নিয়ম।
লগতে পঢ়ক – মুখ্যমন্ত্ৰীৰ দুলীয়াজানৰ আৰক্ষী অধীক্ষকসকলৰ বৈঠকতে আক্ৰান্ত হ’ল বহু বিষয়া