নিউজ ডেস্ক: বুধবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেট বৈঠক। আজিৰ বৈঠকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট মন্ত্ৰী পিযুষ হাজৰিকাই সংবাদ মাধ্যমক কেবিনেট সিদ্ধান্তসমূহ অৱগত কৰে।
আজিৰ কেবিনেটে গ্ৰহণ কৰা কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল –
– ৰাজ্যৰ মথাউৰিসমূহৰ ওপৰত পকী পথ নিৰ্মাণৰ সিদ্ধান্ত। ইয়াৰ ফলত এতিয়া অসমৰ প্ৰায় ১০০০ কিঃ মিঃ মথাউৰিক ৰাস্তা হিচাপে ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ বাবে কেবিনেটে ৯৫৮ কোটি টকা অনুমোদন জনাইছে।
– প্ৰস্তাৱিত তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবে কেবিনেটে ৪৫০ কোটি টকা অনুমোদন জনাইছে।
– আজিৰ কেবিনেটে ৰাজ্যৰ ৫টা পথৰ উন্নীতকৰণৰ বাবে ১০৩১ কোটি টকা আবন্তন দিছে।
– মৰিয়নী নগৰৰ মাটিৰ পট্টা নথকা ১০৩ টা পৰিয়ালক ভূমি আবণ্টন দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ আজিৰ কেবিনেটে অনুমোদন জনাইছে।
– আজিৰ কেবিনেটত শিলচৰ পৌৰ সভাক পৌৰ নিগমলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱা হয়।
– বিমানবন্দৰ প্ৰাধিকৰণে যোৰ
– বিমানবন্দৰ প্ৰাধিকৰণে যোৰহাট বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে ১২৪ বিঘা ১৪.৯২ লেচা মাটি অধিগ্ৰহণৰ বাবদ ৰাজ্য চৰকাৰে ১৫৬৯ কোটি টকা অনুমোদন জনাইছে।
– আজিৰ কেবিনেটে মন্ত্ৰী কেশৱ মহন্ত আৰু ৰনোজ পেগুৰ নেতৃত্বত ৰাজ্যিক প্ৰতীক সম্পৰ্কে সিদ্ধান্ত লবৰ বাবে এখন কমিটি গঠন কৰে। উক্ত কমিটিয়ে অসমৰ ৰাইজৰ পৰামৰ্শ মতে ৰাজ্যিক প্ৰতীক সম্পৰ্কে সিদ্ধান্ত ল’ব।
লগতে পঢ়ক – অৰুণাচলত অপহৰণ ডিব্ৰুগড়ৰ যুৱক সহ তিনিজন