গুৱাহাটী : মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত বৃহস্পতিবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহ-

ধনৰ প্ৰলোভন নাকচ কৰি ১২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা কাৰ্বি আংলঙৰ গৃহৰক্ষী কৰ্মী বৰচিং বে’ক আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ কনিষ্টবল পদত নিযুক্তি প্ৰদান৷

মাইক্র’ ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে ইতিমধ্যে গ্ৰহণ কৰা সিদ্ধান্তক ৰাজ্যিক কবিনেটৰ অনুমোদন।

অইল ইণ্ডিয়া অথবা অ’ এন জি চিয়ে মাটি অধিগ্ৰহণ কৰিলে মাটিৰ গৰাকীক উচিত মূল্য দিয়াটো সুনিশ্চিত কৰা। সেই অনুসৰি চহৰ এলেকাৰ ১০ কিঃমিঃ ব্যাসাৰ্ধৰ ভিতৰত প্ৰতি বিঘা ভূমিত ন্যূনতম ১২ লাখ টকাৰ ক্ষতিপূৰণ আৰু চহৰ এলেকাৰ পৰা ১০ কিঃমিঃ ব্যাসাৰ্ধৰ বাহিৰত প্ৰতি বিঘা ভূমিত ন্যূনতম ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগিব।

লগতে পঢ়ক : চিকিৎসকৰ বৃত্তিত কালিমা; ডিব্ৰুগড়ত ব্যক্তিগত চিকিৎসালয়ত মহিলা সহকৰ্মীক ধৰ্ষণ

ৰাজ্যৰ গ্ৰামাঞ্চলত চৰকাৰী প্ৰতিষ্ঠানৰ বাবে মাটি আবন্তন দিয়াৰ ক্ষেত্ৰত উপায়ুক্তসকলেই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগলৈ ফাইল প্ৰেৰণ কৰিব নালাগে৷

হাতীৰ আক্ৰমণৰ ফলত নিহত নিকটাত্মীয়লৈ এককালীন সাহায্য প্ৰদানৰ দিশত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সংশ্লিষ্ট ডি এফ অ’ই পি চি চি এফৰ অনুমোদন সাপেক্ষে ক্ষতিপূৰ্ণ  প্ৰদান কৰিব পাৰিব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,146 other subscribers

Leave a comment

Leave a Reply