কমাৰগাঁও, চন্দন বৰা: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত তদানীন্তন চৰকাৰে একোখনকৈ আদৰ্শ চিকিৎসালয় স্থাপনৰ জৰিয়তে চিকিৎসা সেৱা উন্নীতকৰণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছিল যদিও চিকিৎসা সেৱা উন্নীতকৰণ ধাক-ঢোল বজোৱা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰকৃত ছবি খুমটাই আদৰ্শ চিকিৎসালয়ৰ চিকিৎসা সেৱাই উদঙাই দিছে।

২০১৯ চনৰ ১৩ জুনত তদানীন্তন ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাই মুকলি কৰা আদৰ্শ চিকিৎসালয়ত পাঁচজন চিকিৎসক নিয়োগ কৰা হ’ব প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও আজি পৰ্যন্ত চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক।

ইয়াৰ উপৰি চিকিৎসালয়খনত নাই এক্সৰে, আলট্ৰা চাউণ্ড তথা প্ৰসূতি অস্ত্ৰোপচাৰৰ সু-ব্যৱস্থা।

আনহাতে দিনৰ দুই বজাৰ পাছত পুৱা কৰ্তব্যৰত চিকিৎসক-নাৰ্চ গুছি যোৱাৰ পাছত আদৰ্শ চিকিৎসালয়খনলৈ ৰোগী গ’লে লগ নাপাই চিকিৎসকক। নিশা ৰোগী প্ৰসূতিৰ বা জৰুৰীকালীন চিকিৎসা সেৱাৰ বাবে চিকিৎসালয়খনত চিকিৎসক, নাৰ্চকে ধৰি কোনো ব্যৱস্থা নাই।

ইফালে চৰকাৰে এখন আদৰ্শ চিকিৎসালয়ত অতি কমেও ৯ জন চিকিৎসক নিযুক্তি দিব লাগে যদিও খুমটাই আদৰ্শ চিকিৎসালয়ত কেৱল মাত্ৰ অধ্যক্ষ হিচাপে এজন চিকিৎসক নিযুক্তি প্ৰদান কৰি সমীপৰ খুমটাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ এজন চিকিৎসকক চিকিৎসা সেৱা চলাই যাবলৈ দি খুমটাইবাসীক আদৰ্শ চিকিৎসালয় নামত ফুলদানি দৰে ৰং তেল সানি বাহিৰৰ পৰা আতকধুনীয়া কৰি ৰাখিছে।

যাৰ পৰিপেক্ষিতত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে চিকিৎসালয়খনলৈ চিকিৎসা সেৱাৰ বাবে আহি উভতি যাব লগা পৰিস্থিতি হয়।

স্বাস্থ্য মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তৰ খুমটাই আদৰ্শ চিকিৎসালয়খন ক’ভিড সৃষ্ট পৰিৱেশৰ মাজত কিদৰে চলিছে তাৰো খবৰ লবলৈ আহৰি নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰে।

ইফালে খুমটাই আদৰ্শ চিকিৎসালয়ত বহু কষ্টৰে খুমটাই ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জ্যেষ্ঠ চিকিৎসক ৰঞ্জিত কুমাৰ দাসে ৰোগী সকলক চিকিৎসা সেৱা আগবঢ়াই আছিল যদিও চিকিৎসক গৰাকী শীঘ্ৰেই চিকিৎসালয়খনৰ পৰা বদলি হৈ যাব বুলি চৰ্চা চলিছে ।

ৰাজ্যৰ চিকিৎসা সেৱা উন্নীতকৰণ দৰে পদক্ষেপ লোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে চিকিৎসা সেৱা উন্নীতকৰণ হৈছে বুলি বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰাৰ উপৰিও সভা সমিতিয়ে ফুলজাৰি মৰা ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীজনে খুমটাই আদৰ্শ চিকিৎসালয়খনৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply