ধেমাজি, অংকুৰ নৰহ: বন্ধুৰ পত্নীক ধৰ্ষণ কৰাৰ অভিযোগত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধেমাজি জিলাৰ যুতীয়া সম্পাদক দূৰ্গা বড়াক গ্ৰেপ্তাৰ। পলাতক অৱস্থাত লখিমপুৰত আত্মগোপন কৰি থকা সময়তে গোগামুখ থানাৰ আৰক্ষী আৰু বৰদলনি আৰক্ষীয়ে অভিযান চলাই মঙলবাৰে বড়াক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা ২৯ নৱেম্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এগৰাকী সদস্যৰ পত্নীৰ সৈতে পাৰিবাৰিক কণ্ডল হোৱাত দূৰ্গা বড়াই সতীৰ্থৰ পত্নীক নিজ গৃহলৈ লৈ আনে। অভিযোগ অনুসৰি ইয়াৰ পিছদিনা ঘৰত কোনো নথকাৰ সুযোগত বড়াই মহিলা গৰাকীক ধৰ্ষক কৰে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলা গৰাকীয়ে ৩ ডিচেম্বৰত গোগামুখ থানাৰ অন্তৰ্গত বৰদলনি আৰক্ষী চকীত গোচৰ তৰে বুলি আৰক্ষীয়ে সূত্ৰটোৱে লগতে কয়।
‘’গোচৰিয়াই দিয়া অভিযোগ আৰু তদন্ত কালত পোৱা তথ্য প্ৰমাণৰ ভিত্তিত’’ ভাৰতীয় দণ্ডবিধি ৩৪২/৩৭৬ ধাৰা অধীনত ১২২/২০২২ নম্বৰৰ এক গোচৰ ৰুজু কৰি দূৰ্গা বড়াক লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জনায়।
লগতে পঢ়ক – ঘোষণা হ’ল ২০২২ বৰ্ষৰ সাহিত্যিক পেঞ্চনৰ তালিকা