গুৱাহাটী: অসমৰ ভূমি বহিৰাগতক হস্তান্তৰ কৰাৰ বিৰোধিতাত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি গুৱাহাটীত এখন সংবাদমেল আয়োজন কৰে।
সংবাদমেল সংবোধন কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যকৰী সভাপতি মুকুট ডেকাই কয় যে বিজেপি নেতৃত্বাধীন অসম চৰকাৰে অসংবিধানিক প্ৰক্ৰিয়াৰে অসমৰ ভূমি বহিৰাগত বণিয়াক দিব বিচাৰিছে।
কেন্দ্ৰীয় চৰকাৰ, ৰেলৱে কৰ্তৃপক্ষৰ এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব ডেকাই কয়।
উল্লেখযোগ্য যে পল্টনবজাৰ, গুৱাহাটী ক্লাব, আমবাৰীৰ ৫৮ বিঘা মাটি ঋষি গুপ্তা, উত্তম বেৰীয়া, অৰুণ বাজাজক দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছে।
সংবাদমেলৰ জৰিয়তে কৃষক মুক্তিয়ে মুখ্য মন্ত্ৰীৰ সাহস আছে যদি এই মাটি ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ দাবী জনোৱাৰ লগতে পৰিত্যক্ত ভূমিত লেণ্ড বেংকৰ জৰিয়তে চৰকাৰে ভূমি সংৰক্ষণ কৰিব লাগিছিল বুলি কয়।
অসমৰ মাটিক লৈ মুখ্য মন্ত্ৰীয়ে বণিয়াৰ লগত গোপন বুজা বুজি কৰি হস্তান্তৰ কৰাৰ চক্ৰান্ত গঢ়াৰ সন্দেহ কৃষক মুক্তিৰ। সংগঠনটোৰ মতে দিল্লীৰ ওচৰত হিমন্ত বিশ্ব শৰ্মা পদলেহিত হৈছে যাৰ বাবে তেওঁৰ মাত মাতিবলৈ সাহস নাই।
লগতে পঢ়ক – বোকাখাতত প্ৰসিদ্ধ শিক্ষাবিদ গোবিন্দ চন্দ্ৰ দলেৰ গ্ৰন্থ উন্মোচন