নিউজ ডেস্ক: ৰাজ্যত চলি থকা দূৰ্নীতি বিৰোধী অভিযানৰ মাজতে বোধবাৰে নিশা নগদ ৩৬ লাখ ধনসহ কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক গ্ৰেপ্তাৰ কৰা হয়।
প্ৰাপ্ত তথ্য অনুসৰি কোকৰাঝাৰ, চিৰাং আৰু বঙাইগাঁও আৰক্ষীৰ যৌথ অভিযানত চিৰাঙৰ হাইনা নগৰীৰ পৰা মুছাহাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি কয়, “পিছনিশা চলোৱা এক অভিযানত কোকৰাঝাৰৰ জিলা পৰিবহণ বিষয়া সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক এক অপৰাধৰ গোচৰত কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। তালাচী অভিযানত আৰক্ষীয়ে ৩৬ লাখ টকা জব্দ কৰে।”
ইতিমধ্যে আৰক্ষীয়ে মুছাহাৰীৰ গুৱাহটীৰ কাহিলীপাৰাত থকা ঘৰতো তালাচী অভিযান চলাইছে বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?