কমাৰগাঁও, চন্দন বৰা: কৃষক শ্ৰমিকৰ স্বাৰ্থ সুৰক্ষা লগতে সমাজ উন্নয়নৰ লক্ষ্য আৰু উদ্দেশ্যৰে গোলাঘাট জিলাৰ খুমটাইত গঠন কৰা খুমটাই আঞ্চলিক কৃষক আৰু জব কাৰ্ড শ্ৰমিক সন্থাই কৃষক-শ্ৰমিকৰ বিভিন্ন সমস্যাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ দাবীত শণিবাৰে গোলাঘাট জিলা উপায়ুক্তৰ যোগেদি মুখ্য মন্ত্ৰীলৈ দুখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সংগঠনটোৰ সভাপতি নিৰ্মল গগৈ আৰু সম্পাদক বাবুল গগৈয়ে স্বাক্ষৰ কৰা স্মাৰক পত্ৰত উল্লেখ কৰে যে ইতিহাসে গৰকা খুমটাই সমষ্টিত এখনো নগৰ নাই আৰু সেয়েহে খুমটাই চাৰিআলি অঞ্চলক নগৰলৈ উন্নীত কৰিবলৈ দাবী জনায়।

স্মাৰকপত্ৰত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, কৃষি বিজ্ঞান কেন্দ্ৰ, সাপ্তাহিক বজাৰ, ডাকঘৰ, আৰক্ষী চকী, সমবায় সমিতিৰ কাৰ্যালয়, বেংক, উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবিদ্যালয়, কেইবাখনো চাহ বাগিচা, বিদ্যুৎ নিয়ন্ত্ৰণ কক্ষ, পঞ্চায়ত কাৰ্যালয়, আদৰ্শ চিকিৎসালয়, মৌজাদাৰ কাৰ্যালয়, খুমটাই ৰে’ল ষ্টেচন, নুমলীগড় ৰে’ল ষ্টেচন, গড়কাপ্তানী পৰিদৰ্শন ভৱন, পুথিভঁৰাল আদি কৰি চৰকাৰী বেচৰকাৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু কাৰ্যালয় থকাৰ বাবে অঞ্চলটোত যথেষ্ট জনসমাগম হয় বুলি উল্লেখ কৰি খুমটাই চাৰিআলিক নগৰ হিচাবে ঘোষণা কৰাৰ দাবী তোলে।

সংগঠনটোৱে আন এখন আৱেদনত খুমটাই আদৰ্শ চিকিৎসালয়ত এক্সৰে, আল্ট্ৰাচাউণ্ড, অস্ত্ৰোপচাৰ, বিভিন্ন ৰোগৰ পৰীক্ষাগাৰৰ ব্যৱস্থা কৰিবলৈ আৰু পৰ্যাপ্ত চিকিৎসক, স্বাস্থ্যকৰ্মী নিয়োগ কৰিবলৈ দাবী উত্থাপন কৰে।

আনহাতে সংগঠনটোৱে ২২ টা বছৰে খুমটাইৰ ধনশিৰি নদীৰ লেতেকু ঘাটত অৰ্ধ-নিৰ্মিত হৈ থকা পকী দলংখনৰ নিৰ্মাণ শীঘ্ৰেই সমাপ্ত কৰা উপৰিও খুমটাই চাৰিআলি ৰংগমঞ্চৰ উন্নীতকৰণ, খুমটাই জনতা ক্ৰীড়া সন্থাৰ খেলপথাৰ, খুমটাই চাহ বাগিছাৰ ৰাজহুৱা খেলপথাৰ উন্নীতকৰণ কৰাৰ লগতে অঞ্চলটোত ধুমুহা, বানপানী আৰু খৰাং পৰিস্থিতিত ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ বাবে আৰু কৃষক-শ্ৰমিকক পেন্সন দিয়া, জব কাৰ্ড শ্ৰমিকৰ মজুৰি বৃদ্ধি, কৰ্ম দিন বৃদ্ধি আৰু পাৰিতোষিক নিয়মিয়াকৈ প্ৰদান কৰা আদি বিভিন্ন দাবী জনায়।

লগতে পঢ়ক – দুদিন ধৰি স্তব্ধ হ’ব ৰাজ্যৰ পৰিবহন ব্যবস্থা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply