ছয়গাঁও : এইবাৰ আৰক্ষীৰ জালত পৰিল এগৰাকী মণ্ডল ৷ মাটি বিক্ৰীৰ ক্ষেত্ৰত জালিয়াতি কৰাৰ অভিযোগত ছয়গাঁও আৰক্ষীয়ে গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ এগৰাকী লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে৷
ছয়গাঁও আৰক্ষীৰ এটি দলে আজি চলোৱা এক অভিযানত গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত টাৰীগাঁও লাটৰ লাট মণ্ডল আনিচাৰ ৰহমানক গ্ৰেপ্তাৰ কৰে।
লাট মণ্ডলজনৰ ঘৰ হ’ল ৰঙিয়া মৰিয়ামাটিত। জানিব পৰা মতে, লাট মণ্ডলজনে মাটিৰ গৰাকীয়ে নজনাকৈ ধনৰ লেনদেনত মাটি আনৰ নামত নাম জাৰি কৰি দিয়াৰ অভিযোগতে ছয়গাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।
লগতো পঢ়ক : উত্তৰ-প্ৰদেশ বিধানসভা নিৰ্বাচন; কংগ্ৰেছ, বিজেপিৰ মাজত প্ৰতিশ্ৰুতিৰ প্ৰতিযোগিতা