বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতত এগৰাকী লাট মণ্ডলৰ নেতৃত্বত অবৈধভাৱে কেৱল এজন ব্যক্তিৰ নামত কৰা মাটি ম্যাদীকৰণৰ ফলত সৰ্বমুঠ ৪৩ টা কৃষক পৰিয়াল মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱাৰ এক  ঘটনা পোহৰলৈ আনিছে জীপাল কৃষক শ্ৰমিক সংঘই।

ঘটনাৰ স্থান বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত মহুৰা মৌজাৰ বংকোৱাল বালি চাপৰি।

উল্লেখযোগ্য যে বান গৰাখহনীয়াৰ কবলত পৰি ২০০১-০৩ চনত কাঠনি বাৰী, কলাবাৰী, এৰাবাৰী আৰু মাজগাঁৱৰ  প্ৰায় ৪৬টাকৈ কৃষক পৰিয়াল সংস্থাপিত হৈছিল এই বংকোৱাল বালি চাপৰিৰ প্ৰায় ২৩ বিঘা চৰকাৰী ভূমিত।

ইফালে দখলস্বত্ব অনুসৰি ৪৬ টা পৰিয়ালে ২০০১ চনৰ পৰাই বসতি কৰি থকা উক্ত ভূমি ২০১৫ চনত অতি সংগোপনে কেৱল মাত্ৰ এটা পৰিয়ালৰ নামতে নামজাৰী কৰিলে বোকাখাত চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল খগেন শইকীয়াই।

অভিযোগ উত্থাপিত হৈছে বোকাখাত চক্ৰ বিষয়া কাৰ্যালয়ৰ চত্ৰছাঁয়াত, লাট মণ্ডল খগেন শ‍ইকীয়াৰ নেতৃত্বতে অবৈধভাবে তথা মোটা অংকৰ ধনৰ বিনিময়ত দাঁতি কাষৰীয়া কোনো লোকৰ শুনানী নোলোৱাকৈ কেৱল এটা পৰিয়ালৰ নামতে নামজাৰী কৰা হ’ল উক্ত বৃহৎ পৰিমাণৰ ভূমি।

প্ৰাপ্ত তথ্য মতে, উক্ত ৪৬ টা পৰিয়ালৰ ভিতৰত কেৱল ফুলেশ্বৰ হাত, আনন্দ দাও আৰু তমা দাওৰ নামত ৰাজহ বিভাগৰ লাট মণ্ডল খগেন শ‍ইকীয়াই গোপন বুজাবুজিৰে কৰা ম্যাদীকৰণৰ ফলত ৪৩ টা পৰিয়াল বঞ্চিত হ’ব লগাত পৰিছে চৰকাৰী আবাস যোজনাৰ ঘৰৰ সুবিধা লাভৰ পৰা। আনহাতে নিজ ভূমিত স্থায়ী নিৰ্মাণৰ কাম কৰিবলৈ যাওঁতে সূচনা হৈছে ভাতৃঘাটি সংঘর্ষৰ দৰে পৰিৱেশ।

উল্লেখযোগ্য যে গোটেই বিষয়টোক লৈ মহকুমা প্ৰশাসনৰ লগতে ৰাজহ চক্ৰ বিষয়াক বহুবাৰ আবেদন-নিবেদন কৰি নিষ্পত্তিৰ বাবে অনুৰোধ কৰা হৈছিল যদিও আজি পৰ্যন্ত কোনো সুফল নাপালে ৪৩টাকৈ বঞ্চিত কৃষক পৰিয়ালে।

সোমবাৰে এই সন্দৰ্ভত জীপাল কৃষক শ্ৰমিক সংঘৰ নেতৃত্বত উক্ত ৪৩টা বঞ্চিত পৰিয়ালৰ এটি সঁজাতি দলে লাট মণ্ডল খগেন শ‍ইকীয়াৰ এই বৃহৎ জালিয়াতিৰ উচিত তদন্ত আৰু বিভাগীয়ভাৱে মাটিৰ সমবিতৰণ আৰু সমম্যাদিৰ দাবীত বোকাখাতৰ মহকুমাধিপতিক এক স্মাৰকপত্ৰ প্ৰদান কৰে।

জীপাল কৃষক শ্ৰমিক সংঘই গোটেই বিষয়টোৰ এক চৰজমিন তদন্ত কৰিবলৈ মহকুমাধিপতি কাৰ্যালয়ক ১০ দিনৰ সময়সীমা বান্ধি দিছে। অন্যথা এক আপোচহীন গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে।

লগতে পঢ়ক – কাইলৈৰ পৰা গুৱাহাটী ক্ৰীড়া সন্থাৰ বি আৰু চি ডিভিজন ফুটবল লীগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply