নিউজ ডেস্ক : আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত IOWA বিশ্ববিদ্যালয়ত গৱেষণাৰ সুযোগ লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ড০ লক্ষীমা চুতীয়াই।

পদাৰ্থ বিজ্ঞানৰ গৱেষিকা লক্ষীমা চুতুীয়াই বিশিষ্ট অধ্যাপক জুন ৱাঙৰ তত্ত্বাৱধানত University of IOWA-ৰ Iowa Technology Institute-ত ‘বায়ুৰ মান আৰু জলবায়ু পৰিৱৰ্তন’ সম্পৰ্কত প’ষ্ট ডক্টৰেল ৰিছাৰ্চ ফেল’ হিচাপে কাম কৰিব। ড০ চুতীয়াক গৱেষণাৰ সমান্তৰালকৈ কনিষ্ঠ গৱেষকসকলক সহায় কৰাৰো দায়িত্ব দিয়া হৈছে।

তিনিচুকীয়াৰ বাৰেকুৰি নিৱাসী তথা অসম চৰকাৰৰ কৃষি পৰিসংখ্যা বিভাগৰ জ্যেষ্ঠ পৰিদৰ্শক পিঠেশ্বৰ চুতীয়া আৰু পখিলী চুতীয়াৰ মাজু কন্যা লক্ষীমাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত বায়ুমণ্ডলীয় অধ্যয়ন কেন্দ্ৰৰ পৰা পদার্থ বিজ্ঞান বিভাগৰ অধ্যাপক বিনীতা পাঠক আৰু প্ৰদীপ কুমাৰ ভূঞাৰ তত্ত্বাৱধানত ডক্টৰেট ডিগ্রী লাভ কৰিছিল।

ছাত্ৰী অৱস্থাৰ পৰাই যথেষ্ট মেধাৰ পৰিচয় দি অহা লক্ষীমা চুতীয়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদার্থবিজ্ঞান বিভাগত প্ৰথম স্থান লৈ স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। স্নাতকোত্তৰৰ অন্তিম বৰ্ষত তেওঁ ইছৰ’ৰ মহাকাশ বিজ্ঞান প্ৰচাৰ আঁচনিৰ অধীনত ছাত্র ফেল’ হিচাপে প্ৰফেছৰ প্ৰদীপ কুমাৰ ভূঞাৰ তত্ত্বাৱধানত কাম কৰি আন্তঃৰাষ্ট্ৰীয় গৱেষণা গ্ৰন্থত নিজৰ গৱেষণা পত্র প্রকাশ কৰিছিল।

ইতিমধ্যে দেশ-বিদেশৰ কেইবাটাও গৱেষণাগাৰ ভ্ৰমণ কৰা লক্ষীমা চুতীয়াই দুটাকৈ আন্তঃৰাষ্ট্ৰীয় আৰু এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পুৰস্কাৰ লাভ কৰিছে। ইয়াৰ উপৰি তেওঁৰ কেইবাখন গৱেষণা-পত্ৰ বিভিন্ন প্ৰতিষ্ঠিত আন্তর্জাতিক আলোচনীত প্রকাশ পাইছে।

লগতে পঢ়ক : মহানগৰী গুৱাহাটীত পুনৰ নৃশংস হত্যাকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply