নিউজ ডেস্ক : পূজাৰ আনন্দৰ মাজতে লখিমপুৰবাসীৰ বাবে এক ভাল খবৰ। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি।

সোমবাৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালক নেচনেল মেডিকেল এচচিয়েছনে স্বীকৃতি প্ৰদান কৰাৰ কথা ঘোষণা কৰে।

সেই অনুসৰি চলিত বৰ্ষৰ নৱেম্বৰ-ডিচেম্বৰ মাহত চিকিৎসা মহাবিদ্যালয়খনত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব। সদ্যহতে ১০০ খন এম বি বি এছ আসনৰ সৈতে শিক্ষা বৰ্ষ আৰম্ভ কৰিবলৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অনুমোদন জনায়।

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ স্বীকৃতি লাভ কৰাৰ পিছত এতিয়া ৰাজ্যত NMC-ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৮খন আৰু এম বি বি এছ আসনৰ সংখ্যা ১১০০লৈ বৃদ্ধি পায় বুলি মুখ্য মন্ত্ৰীয়ে টুইট যোগে মন্তব্য কৰে।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালে জিলাখনৰ লগতে ধেমাজী তথা উত্তৰ অসমৰ ৰোগীৰ অভাৱসমূহ যথেষ্টখিনি পূৰ কৰিব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক : কয়লাৰ নাটনি : দেশৰ লগতে ৰাজ্যত ভয়াৱহ বিদ্যুৎ সকটৰ আশংকা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply