গুৱাহাটী: উৎকোচ গ্ৰহণ কৰি দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে–লোটে ধৰা পৰে কাচাৰ জিলাৰ লক্ষীপুৰৰ ৰেঞ্জ বন বিষয়া দেৱব্ৰত গগৈ।

প্ৰাপ্ত তথ্য মতে আজি বন বিষয়া গৰাকীক অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা অভিযানকাৰী দলে খেদি খেদি গ্ৰেপ্তাৰ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটো দেখি ৰেঞ্জাৰ গগৈয়ে ঘোচ লোৱা টকাসহ নিজৰ চেম্বাৰৰ পলা পলাবলৈ চেষ্টা কৰিছিল যদিও অভিযানকাৰী দলটোৱে তেওঁক প্ৰায় ১ কিঃ মিঃ খেদি খেদি গ্ৰেপ্তাৰ কৰে।

বিষয়াজনক সম্প্ৰতি দুৰ্নীতি নিবাৰক শাখাই নিজৰ জিম্মাত লৈ জেৰাই চলাই আছে বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – চৰকাৰে ক্ৰয় কৰিব নে নগাঁও-কাচাৰ কাগজ কল? কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰত মুখ্য মন্ত্ৰীৰ ঘোষণাৰ বিপৰীত ছবি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply