শিলচৰ : ৰাজ্যত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা। পুনৰ ৰাজ্যত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। কামৰূপ মহানগৰ আৰক্ষীয়ে এক অভিযান চলাই কাছাৰ জিলাত জব্দ কৰিছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত কামৰূপ মহানগৰ আৰক্ষীৰ এটা দলে কাছাৰৰ জিৰীঘাটত অভিযান চলাই জব্দ কৰে ০.৫ কেজি হেৰ’ইনৰ লগতে ১.৫ লাখ নিচাজাতীয় টেবলেট।

জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য আন্তঃৰাষ্ট্ৰীয় চোৰাং বজাৰত প্ৰায় ৪২ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। অভিযানত ড্ৰাগছসহ আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান। জিৰীঘাটত এখন ট্ৰাকৰ পৰা কামৰূপ মহানগৰ আৰক্ষীৰ দলে তালাচী চলাই জব্দ কৰে ড্ৰাগছখিনি। ড্ৰাগছখিনিৰ লগতে আৰক্ষীয়ে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply