অহা ৩০ অক্টোবৰত অসমত হ’ব লগীয়া পাঁচটা সমষ্টিৰ বাবে প্ৰচাৰ তুংগত । শাসকীয় বিজেপিয়ে প্ৰতিটো সমষ্টিতে জয় নিশ্চিত কৰিবলৈ দিনৰাতি একেকাৰ কৰিছে । ভবানীপুৰ, তামুলপুৰ, গোসাইগাঁও, থাওৰা আৰু মৰিয়নি এই পাঁচটা সমষ্টিত মুঠ ৩১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত অবতীৰ্ণ হৈছে ।
নিৰ্বাচনত অংশ লোৱা প্ৰাৰ্থীসকলে দাখিল কৰা নথিপত্ৰ অনুসৰি এছ’চিয়েচন ফৰ ডেম’ক্ৰেটিক ৰিফ’ৰ্মছ( এ ডি আৰ) প্ৰকাশ কৰা তথ্য মতে এইবাৰৰ নিৰ্বাচনত অংশ লোৱা পাঁচ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধ মূলক গোচৰ । ইয়াৰে চাৰিজনৰ বিৰুদ্ধে আছে গুৰুত্বৰ অপৰাধ মূলক গোচৰ ।
সৰ্বাধিক গোচৰ থকা প্ৰাৰ্থী গৰাকী হৈছে থাওৰা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ । ৰাইজৰ দলৰ প্ৰাৰ্থী গৰাকীৰ বিৰুদ্ধে আছে ৯ টাকৈ গোচৰ । ইয়াৰ উপৰিও বিজেপিৰ ভবানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফণিধৰ তালুকদাৰৰ বিৰুদ্ধে ২টা গোচৰ, মৰিয়নিৰ ৰূপজ্যোতি কুৰ্মীৰ বিৰুদ্ধে ২টা, গোসাইগাও সমষ্টিৰ কমল ৰয়, আৰু খাইৰুল খন্ডাকাৰৰ বিৰুদ্ধে এটাকৈ গোচৰ আছে ।
এইবাৰৰ নিৰ্বাচনত ৯ জনকৈ কোটিপটি লোকে অংশ লৈছে । সৰ্বাধিক ধনীৰ তালিকাত প্ৰথম তিনিটা স্থানত আছে ক্ৰমে বিজেপিৰ ভবানীপুৰ সমষ্টিৰ প্ৰাৰ্থী ফণিধৰ তালুকদাৰ ১০ কোটি, তামুলপুৰ সমষ্টিৰ গণেশ কছাৰী ৭ কোটি আৰু গোসাইগাঁও সমষ্টিৰ প্ৰাৰ্থী ধ্ৰুব কুমাৰ নাৰ্জাৰী ৬ কোটি ।
প্ৰাৰ্থীসকলৰ শিক্ষা দিক্ষাৰ ক্ষেত্ৰত দেখা গ’ল দুগৰাকী প্ৰাৰ্থী মেট্ৰিকৰ দেওনা অতিক্ৰম কৰা নাই । ৫ গৰাকী দশম উত্তীৰ্ণ, ৮ গৰাকী দ্বাদশ উত্তীৰ্ণ । মুঠ ৩১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ৮ গৰাকী প্ৰাৰ্থীৰ আছে ঋণ । এইবাৰৰ নিৰ্বাচনত দেখা গ’ল এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰা নাই উপ নিৰ্বাচনত ।