ৰঙিয়া: ৰঙিয়াত অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়ত দিন দুপৰতে মদ-জুৱাৰ আদ্দা। কাৰ্যালয়টোত বিভাগীয় কাম-কাজৰ পৰিৱৰ্তে অগ্নি আৰু আপদকালীন সেৱা আস্থান কাৰ্যালয়ৰ বিষয়া-কনিষ্টবলৰ মদ-জুৱাৰ মেহফিল চলি আহিছে।
সাংবাদিকৰ কেমেৰা দেখি পলায়নৰ চেষ্টা মদৰ পাৰ্টিত অংশগ্ৰহণ কৰা বিষয়া-কনিষ্টবলৰ। খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলা আৰু ৰাজ্যিক বিজেপিৰ সভাপতিৰ গৃহ সমষ্টি ৰঙিয়াত সংঘটিত এনে অনৈতিক কাৰ্যকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
এক গোপন সূত্ৰৰ ভিত্তিত সাংবাদিকৰ দল এটা কাৰ্যালয়টোত প্ৰবেশ কৰাৰ লগে লগে মদ খাই থকা বিষয়া আৰু কনিষ্টবলে পলায়ন কৰে। সাংবাদিকৰ দলটো উপস্থিত হোৱাৰ লগে লগে মদ খাই থকা বিষয়া আৰু কনিষ্টবল লুকাবলৈ চেষ্টা কৰে।
লগতে সেই স্থানতে উদ্ধাৰ হৈছে বিধে বিধে বিলাতী সুৰাৰ শ শ খালী বটল । সুৰাৰ বিপনীৰ দৰেকৈ ৰাখি থোৱা হৈছে শ শ বিলাতী সুৰাৰ খালী বটল। লগতে উদ্ধাৰ হৈছে ভাংৰ খালী চিলিং আৰু টাচ পাট । অগ্নি আৰু আপদকালীন সেৱা আস্থান কাৰ্যালয়ৰ উপ বিষয়াই কেমেৰাৰ সন্মুখতে স্বীকাৰ কৰিলে মাজে সময় এনেধৰণৰ মদ-জুৱা চলে বুলি ।
জৰুৰীকালীন সময়চোৱাত সময়ত উপস্থিত হব নোৱাৰা অগ্নি আৰু আপদকালীন সেৱাই ৰঙিয়াত এনেদৰেই চলাইছে বিভাগটো ।
খোদ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত অগ্নি আৰু আপদকালীন সেৱাৰ কাৰ্যালয়টোত এনেদৰে দিন দুপৰতে মদৰ পাৰ্টি চলাই যাবলৈ ক’ত সাহস পালে বুলি প্ৰশ্ন উত্থাপন হৈছে ।
লগতে পঢ়ক – বুৰ্খা পৰিধান কৰা মহিলাই চিআৰপিএফ কেম্পলৈ নিক্ষেপ কৰিলে বোমা