মঙলদৈ, প্ৰবীণ বৰুৱা: আবকাৰী বিভাগৰ নিষ্ক্ৰিয় ভূমিকাৰ বিপৰীতে মঙলদৈ আৰক্ষীয়ে মঙলবাৰে নিশা অভিযান চলাই মুঠ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।

আৰক্ষীয়ে ৮টা কাৰ্টোনত ভৰাই অনা ২৮৮ টা সুৰাৰ বটল জব্দ কৰাৰ লগতে তিনিজন ব্যৱসায়িক আটক কৰিবলৈও সক্ষম হয়। আটকাধীন লোক কেইজনক কানাই মালাকাৰ, মিতু সৰকাৰ আৰু অৰ্জুন নাথ বুলি চিনাক্ত কৰা হৈছে।

আটাই কেইজনৰে ঘৰ কলাইগাঁৱত বুলি আৰক্ষীয়ে জানিব দিয়ে। কলাইগাঁৱৰ পৰা দীঘিৰপাৰলৈ এখন বিলাসী বাহনত সুৰাখিনি আনি থকা অৱস্থাত বাহনৰৰ সৈতে ব্যৱসায়ী কেইজনক আৰক্ষীয়ে আটক কৰে।

আৰক্ষীয়ে পিছত জব্দ কৰা সুৰা আৰু ব্যৱসায়ী তিনিজনক আৰক্ষীয়ে বুধবাৰে আবকাৰী বিভাগক চমজাই দিয়ে।

লগতে পঢ়ক – অসমীয়াৰ স্বাভিমান গামোচাৰ জি আই টেগ লাভ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply