মঙলদৈ, প্ৰবীণ বৰুৱা: আজি উৰুকা। এসাজ খোৱাৰ হেঁপাহেৰে পুৱতি নিশাৰে পৰা মঙলদৈ মাছৰ বজাৰত ৰাইজে ভিৰ কৰিছে৷
জিলাখনৰ বিভিন্ন ঠাইৰ ডাঙৰ ডাঙৰ বিল, পুখুৰী আদিৰ পৰা ধৰি অনা ডাঙৰ ডাঙৰ মাছেৰে ভৰি পৰিছে মঙলদৈৰ বজাৰ৷
২০-২২ কিলোগ্ৰাম ওজনৰ ভকুৱা, ১৮-২০ কিলোগ্ৰাম ওজনৰ বৰালী, ১২-১৫ কিলোগ্ৰাম ওজনৰ চিতল, ১২-১৪ কিলোগ্ৰাম ওজনৰ ৰৌ, ১৫-১৮ কিলোগ্ৰাম ওজনৰ শিলঘৰিয়া আদি মাছেৰে ভৰি পৰিছে বজাৰ, অবশ্যে আন বছৰসমূহৰ তুলনাত এইবছৰ মাছৰ দাম কিছু পৰিমাণে বাঢ়িছে।
ডাঙৰ ভকুৱা মাছৰ প্ৰতি কিলোগ্ৰামৰ দাম ১২০০-১৩০০ টকা, বৰালী প্ৰতি কিলোগ্ৰামৰ দাম ১০০০-১২০০ টকা, চিতল মাছৰ প্ৰতি কিলোগ্ৰামত ১২০০-১৫০০ টকা পৰ্যন্ত দাম উঠা দেখা গৈছে৷
লগতে পঢ়ক – মঙলদৈত ৰাষ্ট্ৰীয় ঘাইপথত হঠাৎ যমদূত আৱিৰ্ভাৱ!