ৰাজ্যত ক’ভিড মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই বুধবাৰে এখন সংবাদ মেল সম্বোধন কৰি নতুন ক’ভিড প্ৰটক’লৰ ঘোষণা কৰে।
বিতং নিয়মাৱলী:
১. চহৰ অঞ্চলত আৰু চহৰ/নগৰ সমিতিৰ সীমাৰ পৰা ৫ কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান-পোহাৰ দিনৰ ১.০০ বজাত বন্ধ হ’ব। এই অঞ্চল সমূহত দিনৰ ২.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈকে সকলো লোকৰ ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।
২. গ্ৰাম্য অঞ্চলত দিনৰ ২.০০ বজালৈকে দোকান-পোহাৰ খুলিব পাৰিব। এই অঞ্চল সমূহত সন্ধ্যা ৬.০০ বজাৰ পৰা পুৱা ৫.০০ বজালৈকে সকলো ৰাজহুৱা স্থানত চলা-ফুৰা নিষেধ।
৩. ৰেষ্টুৰেণ্ট, ধাবা আৰু অন্যান্য ভোজনালয়ে কেৱল আবেলি ১.০০ বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথিৰ সেৱা কৰিব পাৰিব। আবেলি ১.০০ বজাৰ পিছত খাদ্যৰ ঘৰুৱা বিতৰণসমূহ কঢ়িয়াই নিব পাৰিব।
৫. সকলো শিক্ষা প্ৰতিষ্ঠানত শ্ৰেণীসমূহ অহা ১৫ দিনলৈ বন্ধ থাকিব।
৬. সকলো চৰকাৰী আৰু বে-চৰকাৰী কাৰ্যালয় অহা ১৫ দিনৰ বাবে বন্ধ থাকিব। এই কাৰ্য্যালয়সমূহ কেৱল ১.০০ বজালৈকেহে খোলা থাকিব।
৭. যদিহে কোনো অঞ্চলত ক’ভিড ৰোগীৰ সংখ্যা মুঠ পৰীক্ষা কৰাৰ ৫ শতাংশ বা তাতকৈ বেছি হয়, তেনে অঞ্চল সমূহ জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিব।
লগতে পঢ়ক : ভাৰতত ক’ভিডত আক্ৰান্ত হৈ ১,৯৫২ গৰাকী ৰে’ল কৰ্মচাৰীৰ মৃত্যু; দৈনিক ১,০০০ গৰাকীকৈ আক্ৰান্ত
৮. বিবাহত কেৱল নিজৰ ঘৰৰ ভিতৰত ১০ জনৰ উপস্থিতিৰে সম্পন্ন কৰিব পাৰিব।
৯. অন্ত্যেষ্টিক্ৰিয়াৰ বাবে কেৱল ১০ জনৰ উপস্থিতিৰ অনুমতি থাকিব।
১০. সকলো ধৰ্মীয় প্ৰতিষ্ঠান অহা ১৫ দিনলৈ বন্ধ থাকিব। মূল পুৰোহিত বা মৌলবীয়ে নূন্যতম ধৰ্মীয় কৰ্মসমূহ সম্পন্ন কৰিব পাৰিব।
১১. সকলো ৰাজহুৱা পৰিবহণ ব্যৱস্থাত মুঠ আসনৰ কেৱল ৩০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব।
১২. অটো ৰিক্সা, চাইকেল ৰিক্সা আৰু টেক্সীত এজন চালক আৰু ২জন যাত্ৰী যাব পাৰিব।
১৩. দুচকীয়া বাহনত মাত্ৰ এজন যাব পাৰিব। শিশু আৰু মহিলাৰ ক্ষেত্ৰত এই বাধা প্ৰযোজ্য নহ’ব।
১৪. চৰকাৰী বাহনৰ বাহিৰে সকলো ব্যক্তিগত বাহন যিকোনো দিনত পুৱা ৫.০০ বজাৰ পৰা দিনৰ ২.০০ বজালৈ যুগ্ম-অযুগ্ম (ODD-EVEN) হিচাবত চলাব পাৰিব। এই ব্যৱস্থা সংশ্লিষ্ট জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে নিৰ্দেশ জাৰি কৰিব। কেৱল জৰুৰী কালীন চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা ব্যক্তিগত বাহনক ইয়াৰ পৰা ৰেহাই দিয়া হ’ব।
১৫. আবেলি ২.০০ বজাৰ পৰা পূৱা ৫.০০ বজালৈ সকলো নাগৰিকৰ ৰাজহুৱা স্থানত চলা-ফুৰা সম্পূৰ্ণ বন্ধ থাকিব।
অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাৰ লগত জড়িত ব্যক্তি বা বাহনৰ ক্ষেত্ৰত এই বাধা নিষেধ প্ৰযোজ্য নহ’ব।