গুৱাহাটী: অসমত পুনৰ বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ৰাজ্যত নতুনকৈ ১১০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। দেওবাৰে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য মতে যোৱা চাৰি মাহত কালিৰ দিনটোত সৰ্বাধিক সংখ্যক লোকৰ শৰৰীৰত ক’ভিড ধৰা পৰে।
উল্লেখযোগ্য যে ৰাজ্যখনত বৰ্তমান ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৭,২৫,০৩৬লৈ বৃদ্ধি পাইছে।
অৱশ্যে ক’ভিডৰ ফলত নতুনকৈ কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য মতে বৰ্তমানলৈকে ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা হ’ল ৬,৬৩৯ জন।
যোৱা শুক্ৰবাৰে, ৭৮ জন লোকৰ দেহত ক’ভিড পজিটিভ পোৱা গৈছিল।
আনহাতে, শনিবাৰে ২৮জন ৰোগী ক’ভিডৰ পৰা আৰোগ্য হোৱাৰ ফলত মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা ৭,১৬,৪৯৮ জনলৈ বৃদ্ধি পাইছে।
অসমত বৰ্তমান ৫৫০ জন লোক ক’ভিডত আক্ৰান্ত হৈ আছে, এদিন আগলৈকে এই সংখ্যা আছিল ৪৬৮।
এন এইচ এমৰ বুলেটিনখনত উল্লেখ কৰা মতে ৰাজ্যত এতিয়ালৈকে প্ৰায় ২,৮৩,৯৪,২০৪ জন লোকৰ কভিড পৰীক্ষা কৰা হৈছে, ইয়াৰে শনিবাৰে ১,৩৫০ জনৰ পৰীক্ষা কৰা হয়। আক্ৰান্তৰ হাৰ ৮.১৫ শতাংশ আৰু ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ হাৰ হৈছে ৯৮.৮২ শতাংশ।
বুলেটিনখনত লগতে উল্লেখ কৰা হৈছে যে যোৱা বছৰ অভিযান আৰম্ভ হোৱাৰ পৰা ৰাজ্যখনত এইপৰ্যন্ত ৪,৬৬,৬৩,০৭০ টা কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান কৰা হৈছে।
লগতে পঢ়ক – অসমত পাম তেলৰ খেতিৰ বাবে পতঞ্জলীৰ সৈতে ৰাজ্য চৰকাৰৰ চুক্তি