নিউজ ডেস্ক : যোৱা ২৪ ঘণ্টাত ৰাজ্যত পুনৰ ২৭০ জন লোক ক’ভিডত আক্ৰান্ত হৈছে। ইয়াৰে ১০৪জন কামৰূপ মেট্ৰ’ৰ, ২০ জন বৰপেটাৰ, ১০জনৰ যোৰহাট, ১৫জন কামৰূপ গ্ৰাম্যৰ।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি এতিয়ালৈকে ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৫২৩৯জনলৈ বৃদ্ধি পাইছে।
সোমবাৰৰ দিনটোত ৰাজ্যত ২২৩জন লোক সুস্থ হৈ উঠাৰ বিপৰীতে ৫ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুক সাবটি লয়। মৃত্যু হোৱা লোকসকলৰ ভিতৰত ২ জন যোৰহাটৰ আৰু কাচাৰ, কাৰ্বি আংলং আৰু নগাঁৱৰ এজনকৈ ৰোগী আছে।
উল্লেখ্য যে, এতিয়াও ৰাজ্যত ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ২৬৪৭জন ৰোগী। কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৫৮ শতাংশ।
আনহাতে, বিগত ২৪ঘন্টাত ভাৰতত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ১৪হাজাৰ ৩১৩গৰাকী লোক। সোমবাৰে দেশত ২৬হাজাৰ ৫৭৯ গৰাকী ৰোগী সুস্থ হৈ ঘৰলৈ ওভতাৰ বিপৰীতে চিকিতসাধীন হৈ আছে ৩,৩৯,৯২০ গৰাকী ৰোগী।
বিগত ২৪ ঘণ্টাত ভাৰতত ৯৫,৮৯,০৪৯ কোটি লোকক প্ৰদান কৰা হৈছে ক’ভিড ভেকচিন।
লগতে পঢ়ক : ডবকা সংৰক্ষিত বনাঞ্চলত এলেকাত ডকাইতি কাণ্ড