বোকাখাত, উত্তম কুমাৰ শৰ্মা: দেওবাৰে বোকাখাতত উপস্থিত হয়হি লোকসভাৰ আধ্যক্ষ ওম বিৰলা। বোকাখাতৰ ৰাজহুৱা খেলপথাৰৰ অস্থায়ী হেলিপেডত অৱতৰণ কৰি অসম আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে অধ্যক্ষ গৰাকীয়ে৷

অসমৰ জাতি জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰাৰ লগতে  বিভিন্ন দল সংগঠনে গামোচা, চেলেং, শৰাই, গঁড়ৰ প্ৰতিকীৰে আদৰণি জনাই অধ্যক্ষগৰাকীক ৷ বোকাখাতৰ পৰা তেওঁক পোনেপোনে কাজিৰঙাৰ হাতীখুলি চাহ বাগিচালৈ যোৱাৰ কথা।

বোকাখাতত অধ্যক্ষ গৰাকীক সংগ দিয়ে বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা,বিজেপিৰ গোলাঘাট জিলা সভাপতি দেৱপ্ৰদীপ বৰা,বিজেপিৰ ৰাজ্যিক কাৰ্যনিবাহক সদস্য অনিমেষ শইকীয়া আদিয়ে। 

হাতীখুলি চাহ বাগিচাৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত জীপ ছাফাৰী কৰাৰ লগতে বাগৰিত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আকৌ বোকাখাতৰ পৰা পুনৰ হেলিকেপ্টাৰেৰে গুৱাহাটীলৈ ৰাওনা হ’ব লোকসভাৰ অধ্যক্ষ গৰাকী।

লগতে পঢ়ক –

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply