কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ খুমটাইত পোহৰলৈ আহিছে ‘লাভ জেহাদ’ৰ ঘটনা। অভিযোগ অনুসৰি ২০১৬ চনত লংকাৰ আমতলাৰ আকবৰ আলী নামৰ এজন লোকে ৰাহুল দাস নামৰ ভুৱা পৰিচয়েৰে প্ৰেমৰ জালত পেলাইছিল খুমটাই চাহ বাগিছাৰ ২০ নম্বৰ লাইনৰ এগৰাকী যুৱতীক।

বিবাহৰ পিছত ছদ্মবেশী ৰাহুল দাসে যুৱতী গৰাকীক লৈ বাংগালোৰলৈ পলায়ন কৰিছিল। বাংগালোৰত থকাৰ সময়তো যুৱতী গৰাকীয়ে জনা নাছিল ৰাহুল দাস প্ৰকৃততে আকবৰ আলী বুলি। পিছত যুৱতী গৰাকী অন্ত:সত্বা হোৱাত আকবৰ আলীৰ ঘৰলৈ আহোঁতে জানিব পাৰে ৰাহুল দাসৰ প্ৰকৃত পৰিচয়।

আচল কথা জানিব পাৰি এটি কন্যা সন্তান জন্ম হোৱাৰ পিছত দুৰ্ভগীয়া যুৱতী গৰাকীয়ে কণমানিটোক লৈ খুমটাইৰ নিজা ঘৰলৈ ঘূৰি আহে। নিজা ঘৰলৈ অহাৰ পিছত আকবৰ আলীৰ ঘৰলৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ।

যোৱা ১৫ মাৰ্চ তাৰিখে উক্ত দুৰ্ভগীয়া যুৱতী গৰাকীক একেখন গাঁৱৰ গৌৰৱ গঞ্জু আৰু অমৃত ভুমিজ নামৰ দুজন যুৱকে চক্ৰান্তৰে অপহৰণ কৰি পুনৰ আকবৰ আলিক চমজাই দিছিল। আকবৰ আলীয়ে সেইদিনা দুৰ্ভগীয়া যুৱতী গৰাকীক নগাঁৱত ৰাখি উপৰ্যুপৰি আক্ৰমণ কৰি হত্যাৰো চেষ্টা চলাই বুলি সংবাদ মাধ্যমৰ আগত ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰি।

পিছত খুমটাই আৰক্ষী থানত আকবৰ আলীৰ বিৰুদ্ধে যুৱতী গৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত খুমটাই আৰক্ষীয়ে নিশাই আলিক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 120(B)/419/366 IPC ধাৰাত ১০/০২২ নম্বৰৰ এটা গোচৰ পঞ্জীয়ন কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

আনহাতে উক্ত ঘটনাৰ সৈতে জড়িত খুমটাই বাগিচাৰ আন দুজন অভিযুক্ত গৌৰৱ গঞ্জু আৰু অমৃত ভূমিজকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে, অভিযুক্ত আকবৰ আলীয়ে তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ পোনচাতেই নাকচ কৰি যুৱতীগৰাকীৰ সৈতে বুজাবুজিৰে সম্পৰ্ক স্থাপন কৰা বুলি উল্লেখ কৰে।

ঘটনাৰ খবৰ কেউফালে বিয়পি যোৱাৰ পিছত অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কেইবাটাও সংগঠনে বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।

লগতে পঢ়ক – চাকৰি! অসম বিশ্ববিদ্যালয়ত অতিথি অধ্যাপকৰ পদ সৃষ্টি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply